ডিজিটেল ডেস্কঃ জামুগুৰিহাটত ক্ৰমাৎ বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা৷
এটাৰ পিছত আনটো চুৰিকাণ্ডৰ ঘটনাই এতিয়া যেন দিনতে নিদ্ৰা হৰিছে অঞ্চলটোৰ লোকসকলৰ৷
আজিও জামুগুৰিহাটৰ মধুপুৰ গাঁৱত দিনদুপৰতে সংঘটিত হয় এক চুৰিকাণ্ড৷ গাঁওখনৰ দূৰ্গেশ্বৰ বৰা নামৰ লোকজনৰ বাসগৃহত কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দলে লুটি নিলে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন৷
দূৰ্বত্তৰ দলে ঘৰৰ কাষৰ খিৰিকীয়েদি ভিতৰত প্ৰৱেশ কৰি আলমাৰীৰ লকাৰ ভাঙি লুটি নিয়ে চাৰি লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰৰ লগতে নগদ প্ৰায় ৯ হাজাৰ টকা৷
উল্লেখযোগ্য যে, ঘৰখনৰ গৃহিণী মাত্ৰ ১০ মিনিটৰ বাবে কাষৰীয়া নামঘৰলৈ বুলি ওলাই যাওঁতেই দূৰ্বৃত্তৰ দলে সংঘটিত কৰে এই চুৰিকাণ্ডটো ৷
মন কৰিবলগীয়া যে জামুগুৰিৰ আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই অঞ্চলটোৰ ভিন্ন প্ৰান্তত নিতৌ সংঘটিত হ’বলৈ ধৰা এনে চুৰিকাণ্ডই এতিয়া চিন্তিত কৰি তুলি সৰ্বসাধাৰণ ৰাইজক৷
চুৰিকাণ্ডৰ ঘটনাসমুহক লৈ আৰক্ষীক কঠোৰ হোৱাৰো আহবান জনাইছে অঞ্চলটোৰ ৰাইজে ৷