MENU

সৰুসজাই যেন ৰঙা-বগা-সেউজীয়া ৰঙেৰে আঁকা এখন বিশাল কেনভাছ

Dainik janambhumi February 24, 2025

ডিজিটেল ডেস্ক: বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে/মাঘত সোণৰ হাতেৰে লখিমী আদৰে...। ড° ভূপেন হাজৰিকাৰ এই কালজয়ী গীতৰ তালে তালে বাজি উঠা মাদল আৰু আনন্দত ঝুমুৰৰ ছন্দত ছন্দময়ী হৈ উঠা চাহ শ্রমিকৰ আঠ সহস্রাধিক ডেকা-গাভৰুৰ ভৰিৰ যাদুত কঁপি উঠিল সৰুসজাই ষ্টেডিয়াম। 'লালপাৰী'ৰ চাদৰ পিন্ধি হাতে হাতে ধৰি ঝুমুৰ শিল্পীসকলে যেতিয়া মন-প্রাণ ঢালি আজি ঝুমুৰৰ চূড়ান্ত আখৰা কৰিছিল, তেতিয়া আক্ষৰিক অৰ্থত সৰুসজাই পৰিণত হৈছিল এক বিশাল কেনভাছত। যেন সৰুসজাইৰ সেউজীয়া ঘাঁহৰ দলিচাত কোনোবাই সুশৃংখলিতভাৱে ছটিয়াই দিছে ৰঙা-বগা ৰং। 

উল্লেখযোগ্য যে আজি দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত সন্ধিয়া ৬ বজাত ৯ সহস্রাধিক শিল্পীয়ে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য। আজি সন্ধিয়া ঠিক ৬ বজাতেই এইসকল শিল্পীয়ে এনেদৰে ছন্দোবদ্ধ নৃত্য প্ৰদৰ্শন কৰিলে যেন সন্মুখত প্রধানমন্ত্রী ৰৈয়েই আছে। ইমানদিনে বাগিচাৰ প্ৰেক্ষাগৃহত, কৰম পূজাৰ থলীত বা কাৰোবাৰ চোতালত মনৰ আনন্দত চাহ শ্রমিকে প্ৰদৰ্শন কৰা ঝুমুৰ নৃত্য সৰুসজাইৰ সেউজীয়া দলিচা পোৱাটোৱে আজি প্ৰধানমন্ত্ৰীৰ আগত প্ৰদৰ্শন কৰিবলৈ সাজু হৈ থকা ঝুমুৰ শিল্পীসকলক অধিক উৎসাহী আৰু আৱেগিক কৰি তুলিছে। সেই আনন্দ আৰু আৱেগ প্রতিফলিত হয় শিল্পীসকলৰ শৃংখলাবদ্ধতাত, নৃত্যৰ সুৰীয়া ছন্দত। প্রধানমন্ত্রীয়ে সৰুসজাই ষ্টেডিয়ামত ঝুমুৰ উপভোগ কৰিবলৈ উঠিবলগীয়া বিশেষ বাহনখনত উঠি আজি মন্ত্রী বিমল বড়া আৰু সাংসদ কামাখ্যা প্রসাদ তাছাই কাইলৈৰ অনুষ্ঠানৰ মকড্রিল সম্পূৰ্ণ কৰিলে। কালি চূড়ান্ত আখৰাত উপস্থিত থাকে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাও। মুখ্যমন্ত্ৰীজনে ঝুমৰই বিনন্দিনীত অংশ ল'বলগীয়া সকলো শিল্পীক উৎসাহিত কৰি তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলকো শিল্পীসকলৰ লগত নিজে চিনাকি কৰাই দিয়ে। মুখ্যমন্ত্ৰীজনে আনকি মূল অনুষ্ঠানত প্রধানমন্ত্রীক কেনেকৈ হাঁহি সম্ভাষণ জনাব লাগিব সেয়াও শিল্পীসকলক কৈ যায়। এই চূড়ান্ত আখৰাত জাতীয় সংগীতো পৰিৱেশন কৰা হয়। মূল অনুষ্ঠানৰ প্ৰাক্‌মুহূর্তত আজি সকলো শিল্পীকে উৎসাহিত কৰিবলৈ ষ্টেডিয়ামত উপস্থিত হয়গৈ মন্ত্ৰী পীয়ূষ হাজৰিকা, অশোক সিংহল, জয়ন্ত মল্ল বৰুৱাকে ধৰি প্ৰায়সকল  মন্ত্ৰী বিধায়ক।

Share This