ডিজিটেল ডেস্ক: ডিচেম্বৰ মাহৰ ২৩ আৰু ২৪ তাৰিখে পশ্চিম কাৰ্বি আংলং জিলাত শান্তিপূর্ণ ৰূপে গণতান্ত্রিক প্ৰক্ৰিয়াৰে পি জি আৰ-ভি জি আৰ ভূমিত হোৱা বেদখল উচ্ছেদৰ দাবীত অনশন কৰা অনশনকাৰীক বলপূর্বক আৰক্ষীয়ে তুলি নিয়াক কেন্দ্ৰ কৰি পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ব্যাপক হিংসা সংঘটিত হৈছিল। প্রতিবাদকাৰীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৈতৃক বাসগৃহত অগ্নিসংযোগ কৰি ঘৰটো জ্বলাই দিছিল। এই জ্বলা ঘৰটোৰ পৰা উদ্ধাৰ হৈছিল বহুকেইটা অত্যাধুনিক মাৰণাস্ত্র।
আনহাতে, বাসগৃহটো জ্বলাই দিয়াৰ পিছদিনাই তুলিৰাম ৰংহাঙে বাসগৃহটো সম্পূর্ণৰূপে ভাঙি পেলাইছিল। এই কথাত বিৰোধী দলসমূহে তীব্র আপত্তি দর্শাইছিল আৰু তুলিৰাম ৰংহাঙে বন্দুকৰ অৱশিষ্ট লুকুৱাবলৈ বাসগৃহটো সম্পূৰ্ণৰূপে নষ্ট কৰি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছিল। আঞ্চলিক ৰাজনৈতিক দল এ পি এইচ এল চিৰ সভাপতি জে আই কাথাৰে এখন সংবাদমেলৰ জৰিয়তে এই ঘটনাৰ চি বি আই তথা এন আই এৰ তদন্ত দাবী কৰিছিল। সেই সময়ত দলটোৰ অভিযোগৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্রী ড" হিমন্ত বিশ্ব শর্মাই এয়া এ আই ব্যৱহাৰ কৰি তৈয়াৰ কৰা ভিডিঅ' আখ্যা দি ৰাজনীতি কৰিলেই বুলি এনে পৰ্যায়ৰ ৰাজনীতি কৰিব নালাগে বুলি দলটোক কটাক্ষ কৰিছিল।
কালি ডিফুত জে আই কাথাৰে পুনৰ এখন সংবাদমেল সম্বোধন কৰি পুনৰ তুলিৰাম ৰংহাঙৰ বাসগৃহত উদ্ধাৰ হোৱা মাৰণাস্ত্ৰক লৈ প্রশ্ন উত্থাপন কৰে। কাথাৰে কয় যে ২০০২ চনৰ পৰা ২০১৪ চনলৈ কাৰ্বি আংলং জিলা সন্ত্রাসজৰ্জৰ আছিল। এনে প্রেক্ষাপটত মুখ্য কাৰ্যবাহী সদস্যৰ বাসগৃহত অত্যাধুনিক মাৰণাস্ত্র উদ্ধাৰ হোৱাটো যথেষ্ট উদ্বেগজনক। মুখ্যমন্ত্রীয়ে মাৰণাস্ত্ৰৰ ভিডিঅ' এ আই বুলি মন্তব্য কৰি তুলিৰাম ৰংহাঙৰ অবৈধ মাৰণাস্ত্ৰক লাইচেঞ্চ প্ৰদান কৰা বুলি কাথাৰে গুৰুতৰ অভিযোগ উত্থাপন কৰে। এই ভিডিঅ' যদি এ আইৰ জৰিয়তে প্রস্তুত কৰা হৈছিল, তাক কোনে প্রস্তুত কৰিলে, প্রস্তুতকাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰা হ'ল, প্রশাসনে
তদন্ত নকৰিলে কিয় বুলিও প্রশ্ন কৰে। ৰংহাঙে এই অবৈধ অস্ত্ৰসমূহ নিৰ্বাচনত ভোটাৰক ভয়-ভাবুকি প্ৰদানৰ বাবে মজুত কৰি ৰাখিছিল বুলিও কাথাৰে আশংকা প্রকাশ কৰে। আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্রতা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কাথাৰে কয় যে ইতিমধ্যে তিনিখন আসনৰ বাবে আমি প্রার্থীৰ নাম ঘোষণা কৰিছোঁ। অৱশ্যে আমাৰ পোন্ধৰটা বিৰোধী ঐক্যমঞ্চৰ আলোচনাৰ পাছতহে আমি কোনকেইখন আসনত প্রতিদ্বন্দ্বিতা কৰিম, সেইটো নিশ্চিত হ'ব। আমি কাৰ্বি আংলঙত চাৰিটা বিধানসভা সমষ্টিত নির্বাচনত অৱতীৰ্ণ হ'ব বিচাৰোঁ বুলি কাথাৰে সাংবাদিকৰ আগত মন্তব্য কৰে।