যোৰাবাটত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

Kakali Deka July 23, 2025

ডিজিটেল ডেস্ক : যোৰাবাটৰ তেৰ মাইলত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ। মৃতদেহটো ৪০ ঊধৰ্বৰ এগৰাকী মহিলাৰ।


২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ দাঁতিত পৰি আছিল মৃতদেহটো।


ৰাতিপুৱা  পাঁচ মান বজাত যোৰাবাটত আৰক্ষী আৰু যোৰাবাট যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।


মৃতদেহটো উদ্ধাৰ হোৱা ঠাইত দুৰ্ঘটনা হোৱাৰ কোনো চিহ্ন পোৱা নাই আৰক্ষীয়ে। মৃতদেহটোৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট।


সম্পূৰ্ণ ঘটনা ৰহস্যৰ আৱৰ্তত। অচিনাক্ত মহিলাগৰাকীৰ দুৰ্ঘটনাত মৃত্যু হৈছিল নে কোনোবাই এন্ধাৰৰ সুযোগ লৈ হত্যা কৰি পেলাই থৈ গৈছিল সেয়া সন্দেহৰ আৱৰ্তত ।


যোৰাবাট আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

 

প্ৰাগ ডিজিটেল

Share This