ডিজিটেল ডেস্ক : চৰকাৰী বিভাগসমূহৰ মাজত সমন্বয়হীনতাৰ ফল ভুগিছে যোৰহাটৰ জনসাধাৰণে। যোৰহাট জিলাৰ টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত তিনিটাকৈ মৌজাৰ প্ৰায় এহেজাৰ বিঘা মাটিত দীর্ঘদিনৰ পৰা কৃষকসকলে খেতি কৰিব নোৱৰাকৈ পেলাই থ'ব লগীয়া হৈছে যদিও এই ক্ষেত্ৰত যোৰহাট জিলা প্রশাসন নিমাতে আছে। টীয়ক সমষ্টিৰ চাওখাত, হাতীগড় আৰু চাৰিগাঁও মৌজাৰ অন্তৰ্গত বৃহত্তৰ বৰমুকলি আৰু কদমণি পথাৰৰ প্ৰায় এহেজাৰ বিঘা মাটিত খেতিয়কে দীর্ঘদিনৰ পৰা খেতি কৰিব পৰা নাই। এই কৃষিভূমিসমূহ খেতিয়কসকলৰ ম্যাদী পট্টা যদিও পানীৰে আবৃত্ত হৈ থকাৰ বাবে ধান খেতি কৰিব নোৱাৰে। ধানখেতিৰ সময়ত অহা বানপানীৰ ফলত বৃহত্তৰ বৰমুকলি আৰু কদমণি পথাৰৰ পানী ওলাই যাব নোৱৰাৰ বাবে এহেজাৰ বিঘাতকৈও বেছি খেতিপথাৰত ধানখেতি কৰিব নোৱাৰে। যাৰ ফলত কৃষকসকলে মূৰে-কপালে হাত দিবলগীয়া হৈছে।
যোৰহাটৰ উপকণ্ঠৰ বালিচাপৰি, মেলেং, জাঁজীমুখ, কাকজান, বামকুকুৰাচোৱালৈকে বৃহত্তৰ অঞ্চলটোৰ দ অংশটোত ধানখেতিৰ সময়ত পানীৰে ওফন্দি পৰে। কিন্তু বৃহত্তৰ পথাৰখনৰ পৰা অতিৰিক্ত বাঢ়নী পানী ওলাই যোৱাৰ ব্যৱস্থা নাই। লাহদৈগড় পথৰ কাষেৰে বৈ অহা ননৈখনৰ পানী ব্ৰহ্মপুত্ৰত পৰে। ননৈখনৰ পানী ওফন্দিও বৰমুকলি পথাৰখনৰ অর্ধেক অংশত খেতি কৰিব পৰা নাই। ইফালে মেলেং ছিগাত থকা শ্লুইচ গে'টেৰে পানী সোমায়। কিন্তু ভিতৰ ককিলাত থকা বৰমুকলি পথাৰত শ্লুইচ গে'টেৰে অতিৰিক্ত পানী ওলাই যাব নোৱাৰে। শ্লুইচ গে'টখনৰ নিৰ্মাণত বিসংগতিৰ বাবেও বৃহত্তৰ পথাৰখনৰ পানী ওলাই নাযায়। যোৱা বছৰৰ ব্ৰহ্মপুত্ৰৰ বানপানীৰ ফলত এই শ্লুইচ গে'টখন বিসংগতিপূর্ণ হৈ আছে। প্রতি বছৰে পথাৰখনত কৃষকসকলে খেতি কৰিব নোৱাৰাৰ ফলত বৰ্তমান বহু কৃষকে হাজিৰা কাম কৰিব লগীয়া হৈছে। পূর্বতে ধান খেতি কৰি বিক্ৰী কৰা কৃষকসকৰ অৱস্থা এতিয়া শোচনীয়। পৰিয়াল পোহপাল দিবলৈ এইসকল কৃষকে এতিয়া হাজিৰা কৰিব লগীয়া হৈছে। আনহাতে, নিমাতীৰ পথত কদমণি পথাৰৰ কুৰি বছৰৰো অধিক সময় আবদ্ধ পানী উলিওৱাৰ ব্যৱস্থা কৰিব নোৱাৰিলে প্রশাসনে। প্রতিবছৰে আবদ্ধ পানীৰ পৰিমাণ বৃদ্ধি পাই অহাত ম্যাদী পট্টাৰ মাটিতে খেতিয়ক খেতি কৰাৰ পৰা বঞ্চিত হৈ আহিছে। যোৰহাট-নিমাতী পথত পূৰ্বতে কদমণি পথাৰত এখন দলং আছিল। সেই দলঙেদি পথাৰখনৰ আবদ্ধ পানী ওলাই গৈছিল। কিন্তু গড়কাপ্টানী (পথ) বিভাগে সেই দলংখনৰ ঠাইত দুটা কালভার্ট বহুৱাই দিয়াত বৃহত্তৰ পথাৰখনৰ পানী ওলাই যাব নোৱাৰা হয়। আনহাতে, নিমাতী পথৰ পশ্চিমফালে পানী ওলাই যোৱা অংশতে একাংশ লোকে ফিচাৰী খন্দায়। যাৰ ফলত পানী ওলাই যাব নোৱাৰা হয়। কদমণি জানটো একাংশ লোকে নিজৰ বাৰীৰ ভিতৰুৱা কৰি অতি ঠেক কৰি পেলোৱাত ইয়াৰ প্ৰবহন ক্ষমতাও কমি যায়।
কিন্তু কদমণি আৰু বৰমুকলি পথাৰৰ অতিৰিক্ত আবদ্ধ পানী উলিওৱাৰ ব্যৱস্থা কৰা নাই সংশ্লিষ্ট বিভাগকেইটাই। কৃষি বিভাগৰ লগতে জলসম্পদ বিভাগে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰাৰ লগতে স্থানীয় পঞ্চায়ত আৰু যোৰহাট জিলা প্রশাসনে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা প্ৰয়োজন। এই বিভাগসমূহৰ মাজত সমন্বয়হীনতাৰ বাবে দীর্ঘদিনেও ৰাইজৰ সমস্যা সমাধান হোৱা নাই। যোৰহাটৰ আয়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্রহণ কৰি কৃষকসকলৰ বৃহৎ খেতিমাটিত কৃষি কাৰ্য কৰাৰ উপযোগী কৰি তুলিবলৈ ৰাইজে আহ্বান জনাইছে।