মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'

Rashmi November 09, 2025

ডিজিটেল ডেস্কঃ যোৰহাটৰ বৰমুকলিস্থিত লাখেৰাজ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত পৰিৱেশন কৰা হয় সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে' । 

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় উক্ত অনুষ্ঠান । অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক তথা অনাতাঁৰ শিল্পী হিৰণ্য কুমাৰ পেগুৱে মিচিং ভাষালৈ অনুবাদ কৰা এই গীত আজি পৰিৱেশন কৰে অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে । অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This