যোৰহাটত হত্যা যুৱকক নৃশংস

dainik janambhumi July 07, 2025

ডিজিটেল ডেস্ক : পুত্ৰৰ লগত নিশা একেলগে আহাৰ গ্ৰহণ কৰিব বুলি ৰৈ থকা পিতৃ-মাতৃৰ ইচ্ছা পূৰণ নহ'ল। নিশা ভাত খাবলৈ পিতৃ-মাতৃক ৰখাই থোৱা যুৱকজনৰ নিথৰ দেহ পুৱা বিচাৰি পোৱা গ'ল মথাউৰিৰ কাষত। এনে এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে যোৰহাটৰ উপকণ্ঠৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ দিচৈ নগৰৰ ভোগদৈ নদীৰ মথাউৰিত। ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা দিচৈ নগৰৰ অৰূপ বৰাৰ পুত্ৰ অনিমেষ বৰা (৩০) শনিবাৰে বিয়লি প্রায় ৫ বজাত ঘৰৰ পৰা ওলাই গৈছিল। নিশা ঘৰলৈ নহাত যুৱকজনৰ পিতৃয়ে সম্পৰ্কীয় লোকৰ ঘৰলৈ খবৰ লয়। কিন্তু দেওবাৰে যুৱকজনৰ ৰক্তাক্ত মৃতদেহ গাঁওখনৰে কাষৰে বৈ যোৱা ভোগদৈ নদীৰ মথাউৰিৰ কাষত উদ্ধাৰ হোৱাত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। 

ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় এশ মিটাৰ নিলগত ভোগদৈ মথাউৰিটোৰ ওপৰত তেজৰ চেকুৰা স্থানীয় লোকে প্রত্যক্ষ কৰাৰ লগতে নদীৰ ফালে তলমুৱা হৈ পৰি আছিল ৰক্তাক্ত মৃতদেহটো। ইফালে মৃতদেহটো উদ্ধাৰ হোৱাৰ কিছু দূৰত জংঘলৰ মাজত লতাৰে ঢাকি যোৱা অৱস্থাত উদ্ধাৰ হৈছে যুৱকজনে চলাই যোৱা ছুপাৰ স্পেণ্ডাৰ মটৰ চাইকেলখন। জানিব পৰা মতে, যুৱকজনৰ মুখমণ্ডলত চোকা অস্ত্ৰৰে আঘাতৰ চিন স্পষ্ট হৈ আছে। ঘটনাটোৰ সম্পৰ্কে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত যোৰহাট আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি অনুসন্ধান অব্যাহত ৰাখিছে। তদন্তকাৰী আৰক্ষীয়ে মৃতদেহটো ৰক্তাক্ত হৈ থকাত হত্যাকাণ্ডৰ সন্দেহ প্রকাশ কৰিছে। লক্ষণীয় যে মৃতদেহটো মথাউৰিৰ কাষত পেলাই থোৱা হৈছিল আৰু ইয়াৰ পৰা নাতি দূৰতহে মটৰ চাইকেলখন লতা-ঘাঁহ-বনেৰে লুকুৱাই ৰাখিছিল। 

মৃত যুৱকজনৰ পিতৃ অৰূপ বৰাই সংবাদ মাধ্যমক জনায় যে তেওঁৰ পুত্ৰক কোনো লোকে পৰিকল্পিতভাৱে হত্যা কৰিছে। পুত্ৰৰ হত্যাকাৰীক বিচাৰি উলিয়াবলৈ তেওঁ আৰক্ষীক আহ্বান জনাইছে। যুৱকজনৰ পিতৃয়ে জনোৱা অনুসৰি, দেওবাৰে নিশা প্রায় ৯-৪৫ বজাত যুৱকজনৰ মাকে ফ'ন কৰি ভাত খাবলৈ মাতিছিল। আৰু ফ'নতে অনিমেশে ভাত খাবলৈ গৈ আছোঁ বুলিও উল্লেখ কৰিছিল। পিতৃ-মাতৃয়ে একেলগে ভাত খাবলৈ ৰৈ থকাত নিশা ১০-৩০ বজালৈকে যুৱকজন নহাত পুনৰ পিতৃয়ে ফ'ন কৰে। পিতৃকো অনিমেশে কয় যে তেওঁ পুলিবৰৰ পৰা ঘৰলৈ গৈ আছে। কিন্তু অনিমেষ আৰু ঘৰলৈ যোৱা নহ'ল। পুত্ৰ ঘৰলৈ নহাত পিতৃয়ে প্রায় ১১-৩০ বজাত অনিমেষলৈ পুনৰ ফ'ন কৰে যদিও ফ'নটোৰ ছুইচ অফ পায়। 

ইফালে লোমহর্ষক হত্যাকাণ্ডটোৰ সম্পৰ্কত ভোগদৈ আৰক্ষীয়ে আদিত্য শইকীয়া নামৰ এজন যুৱকক সোধা-পোছাৰ বাবে আটক কৰিছে। জানিব পৰা মতে, এই যুৱকজন নিশা ৯ বজালৈকে অনিমেষ বৰাৰ লগতে আছিল। আৰক্ষীয়ে হত্যাকাণ্ডৰ লগত জড়িতসকলক কৰায়ত্ত কৰিবলৈ জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে। ইফালে ভোগদৈ নদীৰ দুয়োপাৰে দিচৈ নগৰৰ পৰা উত্তৰ দিশলৈ অবৈধভাৱে ঘৰ নিৰ্মাণ কৰি বহু লোকে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিছে। স্থানীয় লোকে কৰা অভিযোগ অনুসৰি, এনেদৰে ভোগদৈ নদীৰ পাৰত অবৈধভাবে গঢ়ি উঠা বাসগৃহসমূহত মদ, জুৱা আদিৰ বেপাৰ চলি আহিছে। লক্ষণীয় যে যোৰহাট জিলা প্রশাসনে নদীৰ বক্ষত অবৈধভাৱে নির্মাণ কৰা বাসগৃহসমূহ উচ্ছেদৰ বাবে বৰ্তমানলৈকে কোনো পদক্ষেপ গ্রহণ নকৰাত অবৈধ কার্যকলাপ বৃদ্ধি পাইছে। ইফালে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত যুৱকজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত মৃতদেহ সৎকাৰ কৰা হয়। অমায়িক যুৱকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ঘটনাস্থলীত উপস্থিতসকলে হত্যাকাৰীক বিচাৰি উলিয়াই উচিত শাস্তি প্রদান কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে। মৃত যুৱকজনে পিতৃ-মাতৃ, ভাতৃকে ধৰি আত্মীয়-স্বজনৰ এৰি গৈছে। সকলোৰে লগত হাঁহি স্ফূৰ্তিৰে কটোৱা অমায়িক যুৱকজনে ক্রেছেন্ট একাডেমি আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ত শিক্ষাগ্রহণ কৰিছিল। জানিব পৰা মতে, তেওঁ প্রাইভেট কোম্পানী এটাত কৰ্মৰত আছিল। সৰবৰহী যুৱকজনৰ এনেধৰণৰ মৃত্যুৱে অঞ্চলবাসীক শোকাকুল কৰি তুলিছে।

Share This