ডিজিটেল ডেস্কঃ যোৰহাটৰ চন্দন নগৰত দলবদ্ধ আক্রমণত বেদাংগ ভূষণ বৰুৱা নামৰ এজন নিৰীহ যুৱকৰ হত্যাৰ ঘটনা নৌ মাৰ যাওঁতেই বৃহস্পতিবাৰে পুলিবৰ আৰক্ষী থানাৰ অন্তর্গত পানীচকুৱাত পিতা-পুত্ৰৰ আক্ৰমণত এজন যুৱকৰ ঘটাস্থলীতে মৃত্যু হোৱাৰ লগতে অন্য এজন গুৰুতৰভাৱে আহত হোৱাৰ দৰে বৰ্বৰোচিত কাণ্ড সংঘটিত হৈছে।
পুৰণি ঘটনাৰ আখেজত আজিৰ হত্যাকাণ্ডটো সংঘটিত হৈছে বুলি মৃত যুৱকজনৰ পিতৃয়ে জানিবলৈ দিছে। বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা বৰ্বৰোচিত ঘটনাটোত কৃষ্ণজ্যোতি শইকীয়া নামৰ এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে পঞ্চজ্যোতি শইকীয়া নামৰ অন্য এজন যুৱক মৃত্যুৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত যুঁজি আছে। দুয়োজনৰ ঘৰ পানীচকুৱাৰ বৰহুজ গাঁৱত আৰু তেওঁলোক ভায়েক-ককায়েক বুলি জানিব পৰা গৈছে। মৃতকৰ কৃষ্ণজ্যোতি শইকীয়াৰ পিতৃ ভুৱন শইকীয়াই সাংবাদিকক জনোৱা মতে, বৃহস্পতিবাৰে নিশা তেওঁৰ - পুত্র কৃষ্ণজ্যোতি শইকীয়া আৰু পঞ্চজ্যোতি শইকীয়াই নিজা বাহনেৰে গৈ - থকা অৱস্থাতে পানীচকুৱাৰ বৰপুখুৰীৰ ওচৰতে থকা বজাৰৰ কাষতে ডেৰকুৰীয়া গাঁৱৰ পুষ্পেন্দ্ৰ হাজৰিকা আৰু ভৃগু হাজৰিকাৰ লগতে কেইবাজনো ব্যক্তিয়ে মিলি চোকা অস্ত্ৰৰে হানি হত্যাকাণ্ডটো সংঘটিত কৰে।
তেওঁ - সাংবাদিকক জনোৱা অনুসৰি, কৃষ্ণজ্যোতি শইকীয়াক বাহনৰ ভিতৰতে চোকা অস্ত্ৰৰে নিৰ্মমভাৱে আক্ৰমণ কৰাত মৃত্যু হয়। পঞ্চজ্যোতি গুৰুতৰভাৱে আহত হৈ জে এম চি এইচত সংকটজনক অৱস্থাত ভর্তি হৈ আছে।
জানিব পৰা মতে, যোৱা ১৩ ফেব্ৰুৱাৰীত বৰহুজ গাঁৱৰ পঞ্চজ্যোতি শইকীয়াৰ মটৰচাইকেল আৰু পুষ্পেন্দ্ৰ হাজৰিকাৰ পত্নীৰ স্কুটীৰ মাজত দুর্ঘটনা সংঘটিত হয়। সেই ঘটনাত পঞ্চজ্যোতিক পুষ্পেন্দ্ৰ হাজৰিকাৰ পৰিয়ালে মাৰপিট কৰে। ইয়াৰ কিছুদিনৰ পাছতে পুষ্পেন্দ্ৰ হাজৰিকাৰ পুত্ৰৰ মটৰ চাইকেলখন সেই পথেৰে যাওঁতে ইটো পক্ষই ভাঙি পেলায়। এনেদৰে দুয়ো পক্ষৰ মাজত কাজিয়াৰ সূত্রপাত হৈ আছিল। বৃহস্পতিবাৰে বৰ্বৰোচিতভাৱে কৃষ্ণজ্যোতিক হত্যা কৰা ঘটনাৰ পাছত স্থানীয় ৰাইজে পানীচকুৱাত চাৰিলেনযুক্ত পথ অৱৰোধ কৰে। অৱশ্যে আৰক্ষী সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
আনহাতে, আৰক্ষীয়ে হত্যাকাণ্ডটোত অভিযুক্ত পুষ্পেন্দ্ৰ হাজৰিকা আৰু ভৃগু হাজৰিকাক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। ইফালে পূৰ্বৰ ঘটনাৰ সন্দৰ্ভত পুলিবৰ আৰক্ষীয়ে পক্ষপাতিত্বমূলক আচৰণ কৰাৰ ফলত আজিৰ ঘটনাটো সংঘটিত হ'বলৈ পালে বুলি মৃত কৃষ্ণজ্যোতিৰ পিতৃয়ে অভিযোগ উত্থাপিত কৰিছে। পিতৃ ভুৱন শইকীয়াই সাংবাদিকক জনোৱা মতে, পুলিবৰ আৰক্ষীৰ চেনিৰাম টাইদে ঘটনাটোত গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে। ইফালে আৰক্ষী অধীক্ষকে জনোৱা মতে, ঘটনাটোৰ তদন্ত চলি আছে আৰু অভিযোগ উত্থাপিত হোৱা আৰক্ষীগৰাকীৰ সন্দৰ্ভতো চোৱা হ'ব বুলি কয়। নিশা বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।