১ অক্টোবৰত যোৰহাট ষ্টেডিয়ামত জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

dainik janambhumi September 28, 2025

ডিজিটেল ডেস্কঃ অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্রাদ্ধ গুৱাহাটীত সম্পন্ন হোৱাৰ পাছত চিতাভস্ম যোৰহাটলৈ আনি অহা ১ অক্টোবৰত ১৩ দিনৰ দিনা তিনিদিনীয়াকৈ ৰাজহুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। 

যোৰহাটবাসীৰ সহযোগত অসম চৰকাৰৰ উদ্যোগত যোৰহাটত অনুষ্ঠিত হ'ব লগা তিনিদিনীয়া এই শ্রদ্ধাঞ্জলি অনুষ্ঠান কেনেদৰে আয়োজন তথা পৰিচালনা কৰা হ'ব এই সন্দৰ্ভত বৃহত্তৰ যোৰহাটৰ বিভিন্ন সামাজিক-সাংস্কৃতিক, শৈক্ষিক, আধ্যাত্মিক, ক্রীড়া, সমাজ কল্যাণ, যুৱ-ছাত্ৰ, অধিবক্তা, সাহিত্য সভা, ব্যৱসায়ী সন্থা, সংবাদ মাধ্যম, সংগীত শিল্পী সন্থা, কৰ্মচাৰী পৰিষদ, লেখিকা সংস্থা, কবি সন্মিলন, জ্যেষ্ঠ নাগৰিক আদি সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিৰে চিনামৰাত অৱস্থিত যোৰহাট কনভেনশ্যন চেন্টাৰত জিলা প্রশাসনে কালি  এখন সভাৰ আয়োজন কৰিছিল। উক্ত সভাতে স্থানীয় বিধায়ক হিতেন্দ্র নাথ গোস্বামীৰ নেতৃত্বতে শ্রদ্ধাঞ্জলি অনুষ্ঠান নিয়াৰিকৈ সম্পন্ন কৰাৰ অৰ্থে ৪৮জনীয়া এখন কর্ণধাৰ সমিতি গঠন কৰা হয়। সভাখনৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই যোৰহাটৰ পৰা সাংস্কৃতিক যাত্ৰা আৰম্ভ কৰি জুবিনে জাতিটোক যিদৰে সাহস দি গ'ল সেই সাহসক সাৰোগত কৰিয়েই ৰাজ্যবাসীক দি যোৱা মৰম-স্নেহৰ মাজত মৰ্যাদা সহকাৰে শিল্পীগৰাকীক জীয়াই ৰাখি যোৰহাটবাসীয়েও যাতে শ্রদ্ধা নিৱেদন কৰিব পাৰে সেই লক্ষ্যৰে মুখ্যমন্ত্ৰীয়েও গভীৰ আগ্ৰহ প্ৰকাশ কৰাৰ বিষয়েও সভাত উল্লেখ কৰে। সভাখনৰ আঁত ধৰি অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্রী বিমল বৰাই এই শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে যোৰহাটবাসী ৰাইজৰ অতিথি পৰায়ণতাৰ দিশটোও নিয়াৰিকৈ প্ৰতিফলিত হ'ব লাগিব বুলিও মন্তব্য কৰে। 

সভাত সাংসদ কামাখ্যা প্রসাদ তাছাই ১৩ দিনৰ দিনা যোৰহাটত যি বৈদিক কর্ম সম্পন্ন হ'ব সেয়া সম্পূৰ্ণৰূপে পৰিয়ালে স্বাধীনচিতীয়াভাৱে যাতে কৰিবলৈ সুবিধা পায় সেই দিশত বিশেষভাৱে গুৰুত্ব দিব লাগে বুলিও পৰামৰ্শ আগবঢ়ায়। অৱশ্যে সভাখন চলি থকাৰ মাজতে প্ৰয়াত শিল্পীগৰাকীৰ পৰিয়ালে জুবিনৰ অন্যতম ঘনিষ্ঠ সিদ্ধাংকু অংকুৰ বৰুৱাৰ সৈতে যোগাযোগ কৰি ১৩ দিনৰ দিনা মৃতকৰ যি বৈদিক কৰ্ম হ'ব সেয়া পৰিয়ালৰ ১৫-২০জন আত্মীয়ৰ ভিতৰতে সম্পন্ন হোৱাটো বিচাৰিছে বুলিও বৰুৱাই সভাত জানিবলৈ দিয়ে। আজিৰ সভাত জিলাৰ আয়ুক্ত জয় শিৱানী, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ লগতে তিতাবৰ, মৰিয়নি আৰু দেৰগাঁৱৰ বিধায়ক কেউজনেও অংশগ্রহণ কৰে। 

ইফালে ৰাজহুৱা সভাখনত শ্রদ্ধাঞ্জলি অনুষ্ঠানত সমৱেত অনুৰাগী তথা গুণমুগ্ধক আপ্যায়নৰ বাবে যি মাহ-প্ৰসাদৰ প্রয়োজন হ'ব তাৰ বাবে কোনোধৰণৰ দান-বৰঙনি বা সামগ্ৰী সংগ্ৰহ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰি এই বিষয়ত চৰকাৰীভাৱেই খৰচ-বহন কৰা হ'ব বুলিও মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই জানিবলৈ দিয়ে। আজিৰ সভাৰ পাছতেই কৰ্ণধাৰ সমিতিৰ সদস্যসকলে ষ্টেডিয়াম আৰু জিলা ক্রীড়া সন্থাৰ খেলপথাৰ পৰিদৰ্শন কৰি ভিন্ন দিশৰ বুজ লয়। লগতে কাইলৈৰ পৰা (২৮ ছেপ্টেম্বৰ) জিলা ক্রীড়া সন্থাৰ কাৰ্যালয় ভৱনতে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ অস্থায়ী কার্যালয় আৰম্ভ কৰাৰো সৰ্বসন্মত সিদ্ধান্ত গ্রহণ কৰা হয়।

Share This