কাছাৰত শহুৰেকৰ ঘৰত জোঁৱায়েকক বিষ খুৱাই হত্যা

dainik janambhumi November 04, 2025

ডিজিটেল ডেস্কঃ কাছাৰ জিলাৰ কাটিগড়াত সংঘটিত হৈছে এক ৰোমাঞ্চকৰ আৰু কৰুণ ঘটনা। পত্নীৰ সৈতে সম্পৰ্ক মজবুত কৰিবলৈ শহুৰেকৰ ঘৰলৈ গৈ প্রাণ হেৰুৱালে এজন লোকে।
অভিযোগ অনুসৰি, শহুৰেকৰ ঘৰৰ মানুহে তেওঁক মাৰপিট কৰি জোৰকৈ বিষ খুৱাইছিল। এই ঘটনাই সমগ্র অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

জানিব পৰা মতে, মৃত যুৱকজনৰ নাম বিমল দাস। কিছুদিন পূর্বে বিমল দাস আৰু তেওঁৰ পত্নী ছন্তা ৰাণী দাসৰ মাজত পাৰিবাৰিক সংঘাত সৃষ্টি হৈছিল। ইয়াৰ বাবেই ঘৈণীয়েকে খঙতে পিতৃৰ ঘৰলৈ গৈছিল। তিনি দিন পূর্বে বিমল দাস পত্নীৰ সৈতে পুনৰ মিলনৰ আশাত সন্তানৰ সৈতে কাটিগড়াৰ শহুৰেকৰ ঘৰলৈ গৈছিল। 

জানিব পৰা মতে, তেওঁলোকৰ দুটা সৰু ল'ৰা-ছোৱালী আছে। অভিযোগ অনুসৰি, তাত উপস্থিত হোৱাৰ লগে লগে তেওঁক শহুৰেকৰ ঘৰৰ মানুহে আক্রমণ কৰে। প্ৰথমে তেওঁক তীব্ৰ প্ৰহাৰ কৰা হৈছিল, তাৰ পাছত তেওঁক বলপূর্বকভাৱে বিষ খুৱাইছিল। পাছত স্থানীয় লোকে গুৰুতৰ অৱস্থাত বিমলক উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভর্তি কৰে। কিন্তু তিনি দিন মৃত্যুৰ সৈতে যুঁজি অৱশেষত চিকিৎসাধীন অৱস্থাত বিমল দাসে প্রাণ হেৰুৱায়। মৃত্যুৰ পাছত বিমলৰ পৰিয়ালে দাবী কৰিছিল যে এয়া পৰিকল্পিত হত্যাকাণ্ড। বিমলৰ পত্নী শান্তাৰাণী দাস, শহুৰেক সুভাষ দাস আৰু পৰিয়ালৰ একাংশ সদস্যৰ বিৰুদ্ধে কাটিগড়া আৰক্ষী থানাত লিখিত এজাহাৰ দাখিল কৰে। 

অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে কাটিগড়া আৰক্ষী থানাৰ এছ আই স্মিতা গগৈয়ে দুজন অভিযুক্ত সুভাষ দাস আৰু শান্তা ৰাণী দাসক গ্ৰেপ্তাৰ কৰি জেৰা আৰম্ভ কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি এই ঘটনাৰ আঁৰৰ মূল কাৰণ হ'ব পাৰে পাৰিবাৰিক বিবাদ। 

আনহাতে, মৃত বিমল দাসৰ পৰিয়ালৰ লোকে এই ঘটনাত জড়িত লোকক কঠোৰ শাস্তিৰ দাবী জনাইছে। এই হত্যাকাণ্ডৰ লগত জড়িত সকলো অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰ - কৰি ন্যায়ৰ কাষ চাপিব লাগে বুলি দাবী কৰে। স্থানীয় বাসিন্দাসকলেও এই ঘটনাৰ ন্যায্য তদন্ত আৰু ন্যায়ৰ দাবী জনাইছে।

Share This