ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন গার্গে দুর্ভগীয়া বহু মানুহক সহায় কৰি নতুন জীৱন দিছিল। প্ৰচাৰৰ পৰা আঁতৰত থাকি শিল্পীজনে ক'ত কেনেকৈ কাক সহায় কৰিছিল সেয়া যেন এতিয়া তেওঁৰ মৃত্যুৰ পাছত এটা এটাকৈ পোহৰলৈ আহিছে। তাৰেই এগৰাকীৰ নাম হ'ল কাজলী চাংমা গার্গ। কাজলী জুবিন গাৰ্গৰ এগৰাকী তোলনীয়া জী। কাজলীক লৈ শিল্পীজনে গীতো গাইছে। গুৱাহাটীত এটা পৰিয়ালৰ নিৰ্যাতনৰ বলি হোৱা জনজাতীয় ১৪ বছৰীয়া ছোৱালী কাজলীয়ে আত্মৰক্ষাৰ বাবে ৰাজপথলৈ আহি লগ পাইছিল জুবিন গাৰ্গক। সেই সময়ত কেৱল সহায় বিচাৰি ফুৰা কাজলীয়ে জুবিন গাৰ্গৰ দেহৰক্ষী হিচাপে থকা আৰক্ষীক দেখি দৌৰি গৈছিল আৰক্ষীৰ ওচৰলৈ। এখন গাড়ীত বহি থকা জুবিন গাৰ্গক দেখি হতবাক হৈ গৈছিল কাজলী। পাছ মুহূর্তত কাজলীক নিজৰ গাড়ীত বহুৱাই শিল্পীজনে পাছ নিশা কিয় ওলাই আহিব লগা হ'ল সকলো কথাৰ বুজ ল'লে। কাজলীক উদ্ধাৰ কৰি জুবিন গাৰ্গে ওচৰৰ এখন আৰক্ষী থানালৈ লৈ গ'ল আৰু নিৰ্যাতনকাৰীৰ বিৰুদ্ধে আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিলে।
এক কথাত কাজলীৰ হৈ আইনী যুঁজ দিছিল জুবিন গাৰ্গে। ইয়াৰ পাছতে এটা এন জি অ'ৰ হাতত কাজলীক গতাই দি শিল্পীজনে নিজৰ তত্ত্বাৱধানত ৰাখিছিল। জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে সু-সম্পর্ক গঢ়ি উঠা কাজলীক এদিন জুবিন গার্গে তোলনীয়া জী কৰি লৈছিল। সেই হিচাপে কাজলীয়েও জুবিন গাৰ্গক পাপা বুলি মাতিছিল। শিল্পীজনৰ তোলনীয়া জী হৈ থকা কাজলী এদিন চেপনৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিবাহৰ পাছতো জুবিন গাৰ্গৰ সৈতে কাজলীৰ আছিল মধুৰ সম্পৰ্ক । চেপনৰ বোৱাৰী কাজলীৰ এতিয়া স্বামীৰ লগতে আছে এগৰাকী কন্যা সন্তান। পিতৃ জুবিন গাৰ্গৰ মৃত্যু খবৰটো ম'বাইলত পাই স্বামীয়েই তেওঁক দিছিল।
ইয়াৰ পাছতে কণমানি কন্যাক লৈ কাজলী ঢাপলি মেলিছিল গুৱাহাটীত থকা জুবিন গাৰ্গৰ ঘৰলৈ। পিছে সেই সময়ত অসংখ্য মানুহৰ বাবে কাজলীয়ে কন্যাক লৈ ঘৰৰ ভিতৰত সোমাব নোৱাৰিলে। আনকি পিতৃ জুবিন গাৰ্গৰ নশ্বৰ দেহো দৰ্শন কৰাৰ সুবিধা নাপালে কাজলীয়ে। জুবিন গার্গে ছিংগাপুৰৰ পৰা আহি কাজলীক লগ কৰাৰ কথা আছিল। সেই সপোন বাস্তৱ নহ'ল তেওঁৰ। চেপনৰ অতি ভিতৰুৱা গাঁৱলৈ বিয়া হোৱা কাজলীয়ে বিচাৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ।