ডিজিটেল ডেস্কঃ বহু দিনৰ বিৰতিৰ পাছত পুনৰ আক্রমণাত্মক হৈ পৰিছে আলফা (স্বাঃ)। যোৱা নিশা নিষিদ্ধ ঘোষিত সংগঠনটোবে কাকপথাৰস্থিত ভাৰতীয় সেনাৰ শিবিৰত এক ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে। নিশাৰ নিস্তব্ধতা ভাঙি হঠাৎ বন্দুক-বাৰুদৰ শব্দই কাকপথাৰ চহৰ কঁপাই তোলাত ৰাইজৰ মাজত তীব্র আতংকই বিৰাজ কৰে।
খবৰ অনুসৰি ডুমডুমাৰ দিশৰ পৰা এখন চাৰিচকীয়া টাটা বাহনত যোৱা অস্ত্ৰধাৰী দলে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা কাকপথাৰস্থিত ১৯নং গ্রেনেডিয়াৰ ৰেজিমেণ্টৰ শিবিৰত নিশা প্রায় ১২-৩০ বজাত তিনিটাকৈ আৰ পি জি নিক্ষেপ কৰাৰ লগতে গুলীবর্ষণ কৰে। সেনাই ধাৰাসাৰ গুলী বৰ্ষণেৰে প্ৰত্যুত্তৰ দিয়াত আক্রমণকাৰী দলটো বাহনসহ পলাই যায়। খবৰ অনুসৰি আক্ৰমণত তিনিজন সেনা জোৱানে চকু, মূৰ, হাত-ভৰিত আঘাত পাই গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে এই বিস্ফোৰণত আলফা স্বাধীন জড়িত থকা বুলি সন্দেহ কৰে। আনহাতে আলফা স্বাধীনে কাকপথাৰ সেনা শিবিৰৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত বিদ্রোহী সংগঠনটোৱে কয়, 'আজি ইংৰাজী ১৭ অক্টোবৰ ২০২৫ তাৰিখে প্রায় ০০-৪০ বজাত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ অধীনস্থ 'সংযুক্ত মুক্তি ফৌজ অসম'ৰ সেনানীসকলে 'অভিযান প্রতিশোধ (Oparation Vengeance)'ৰ জৰিয়তে তিনিচুকীয়া জিলাৰ কাকপথাৰস্থিত ঔপনিৱেশিক ভাৰতীয় দখলদৰী বাহিনীৰ ১৯নং গ্রেনেডিয়াৰ ৰেজিমেণ্টৰ শিবিৰত এক সামৰিক অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত সামৰিক অভিযানত তিনিজনতকৈ অধিক সেনা জোৱান হতাহত হয়।' বিবৃতিটোত সংগঠনটোৱে আৰু কয় যে সেনাই অত্যাধুনিক প্রযুক্তি ব্যৱহাৰেৰে আলফা (স্বা)ক নিঃশেষ কৰিবলৈ বিচাৰিলেও বিপ্লবী সংগঠনটোক ঈপ্সিত লক্ষ্য-উদ্দেশ্য, নীতি-আদৰ্শৰ পৰা বিচলিত কৰিব নোৱাৰে, বৰঞ্চ তেনে কৰ্মই আলফা (স্বা)ৰ মনোবল আৰু অধিক দৃঢ় কৰাত প্ৰেৰণ আৰু উৎসাহহে যোগাব। বিবৃতিটোৰ দ্বাৰা স্পষ্ট হ'ব পাৰি যে ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিবিৰত ড্ৰ'নেৰে কৰা আক্ৰমণৰ প্ৰতিশোধ হিচাপে আলফাই কাকপথাৰৰ সেনা ছাউনীত আক্ৰমণ কৰে। ম্যানমাৰৰ আক্ৰমণক ভাৰতে নস্যাৎ কৰিলেও আলফাই ভাৰতকে দোষাৰোপ কৰি আহিছিল। আনহাতে, কাকপথাৰৰ আক্ৰমণৰ পাছত স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে আক্রমণটোত ৪টাকৈ বিস্ফোৰণ হৈছিল। ইপিনে দুর্বৃত্তৰ দলে ঘটনাত ব্যৱহাৰ কৰা এ এছ ২৫ ই চি ২৩৫৯ ট্রাকখন অসম-অৰুণাচল সীমান্তবর্তী টেঙাপানী ঘাটত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বাহনখনত আৰক্ষীয়ে তেজৰ ঢেঁকুৰা প্ৰত্যক্ষ কৰাৰ লগতে আক্ৰমণকাৰী দলটোৰ কোনো সদস্য আঘাতপ্রাপ্ত হোৱাৰ সন্দেহ কৰিছে। ঘটনা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে অভিযান অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে এদিন পূর্বে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মানমাওস্থিত আছাম ৰাইফলছৰ শিবিৰত আলফা (স্বা), এন এছ চি এন (কে-বাই এ) আৰু মণিপুৰী বিপ্লৱী সংগঠন পি এল এ-জি পি আৰ এনে (PLA-GPRN) আক্ৰমণ কৰাত চাৰিগৰাকী সেনা জোৱান গুৰুতৰভাৱে আহত হৈছিল। ইফালে কাকপথাৰৰ সেনা ছাউনীত হোৱা আক্ৰমণৰ পাছতে সমগ্ৰ কাকপথাৰ অঞ্চলতে উত্তেজনাই বিৰাজ কৰিছে। বিগত দিনত সংঘটিত হোৱা ক'লা দিনবোৰ স্মাৰণ াৰণ কৰি একাংশ ৰাইজে আশংকা কৰি কয় যে পুনৰ কাকপথাৰত সেনা-আলফাৰ ৰক্তাক্ত পৰিৱেশ ঘুৰি অহাটো ৰাইজে নিবিচাৰে। প্রণিধানযোগ্য যে বিগত দুটা দশকত দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণৰ দৰে পৰিস্থিতিত পৰি কাকপথাৰৰ গ্ৰামাঞ্চলৰ ৰাইজে শৈক্ষিক, সামাজিক, আর্থিক দিশত যথেষ্ট পিছপৰি ৰ'ল। পুনৰ তেনে পৰিৱেশলৈ ঠেলি নিদি উন্নয়নমূলক পৰিৱেশত ব্যাঘাত সৃষ্টি নকৰিবলৈ কাকপথাৰবাসীয়ে আহ্বান জনাইছে।