ডিজিটেল ডেস্কঃ কলিয়াবৰত নিউজিলেণ্ডৰ ২৫জনীয়া পৰ্যটকৰ দল । এম ভি মহাবাহু জাহাজৰে যোৰহাটৰ পৰা ব্ৰহ্মপুত্ৰৰে ভটিয়াই আহি শিলঘাটত উপস্থিত হোৱা বিদেশী পৰ্যটকৰ দলটোৱে হাটবৰত উপভোগ কৰে বিহু অনুষ্ঠান।
কান্ধত ঢোল লৈ বজোৱাৰ চেষ্টা পৰ্যটকৰ । ঢোলৰ চাপৰত কঁকাল ঘূৰাই নাচিলে কেইবাগৰাকী পৰ্যটকে । পৰ্যটকৰ দলটি বিহু পথাৰত উপস্থিত হোৱাৰ পাছতে উদ্যোক্তা হাটবৰ কেন্দ্ৰীয় বিহু উদযাপন সমিতিৰ তৰফৰ পৰা বিদেশী পৰ্যটকসকলক একোখনকৈ বিহুৱানৰে আদৰণি জনোৱা হয়।
বিহুৰ পিঠা-লাৰুৰো সোৱাদ লয় বিদেশী পৰ্যটকসকলে । অসমীয়াৰ আতিথ্য, অসমীয়া সাংস্কৃতিক ভূয়সী প্ৰশংসা কৰে দলটোৱে । দলটো ধুবুৰী গৈ উভতিব গুৱাহাটীলৈ, তাৰ পিছত অসম আৰু অসমীয়াৰ স্মৃতি বুকুত লৈ গুৱাহাটীৰ পৰা উৰা মাৰিব নিজ দেশ নিউজিলেণ্ডলৈ ।
উৎস: প্ৰাগ নিউজ ডিজিটেল