কলিয়াবৰত শিৰত সেন্দূৰ লৈ, ডিঙিত মংগলসূত্ৰ পিন্ধি হিন্দু বুলি পৰিচয় মুছলিম মহিলাৰ!  আটক ৩

Kakali Deka August 28, 2025

ডিজিটেল ডেস্কঃ কলিয়াবৰত যোৱা নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। 

বংগমূলৰ মুছলমানৰ সন্দেহত এগৰাকী মহিলাসহ দুজন মুছলমান লোকক ৰাজপথত আটক কৰিলে বীৰ লাচিত সেনাই।

মুছলমান এগৰাকী মহিলাই শিৰত সেন্দূৰ লৈ নিজকে হিন্দু বুলি পৰিচয় দিয়াক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰে।

ডিঙিত মংগলসূত্ৰ, শিৰত সেন্দূৰ লৈ নিজকে হিন্দু বুলি পৰিচয় দিয়া মহিলাগৰাকীয়ে অৱশেষত স্বীকাৰ কৰিলে তেওঁ মুছলমান বুলি।

মহিলাগৰাকীৰ লগত অহা দুই ব্যক্তি বংগমূলৰ মুছলমানৰ সন্দেহত ৰাইজে চমজাই দিয়ে কলিয়াবৰ আৰক্ষীক।

ধৃত দুই ব্যক্তি ক্ৰমে বিহাৰৰ ইমাম উদ্দিন আৰু ৰূপহীহাট শালপাৰাৰ হাচমত আলী। মহিলাগৰাকী ৰূপহী শালপাৰাৰ হাচেনা খাতুন।

তিনিওকে জেৰা কৰি আছে আৰক্ষীয়ে।

Share This