ডিজিটেল ডেস্কঃ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে। অসম সন্তান পাটোৱাৰীলৈ বিহাৰ চৰকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজ্যিক সন্মান 'বিহাৰ কলা সন্মান ২০২৩-২৪' আগবঢ়াইছে। বিহাৰ চৰকাৰৰ কলা, সাংস্কৃতিক আৰু যুৱ বিভাগে বিহাৰ কলা পুৰস্কাৰ যোজনাৰ কণ্ঠশিল্পীগৰাকীলৈ এই সন্মান আগবঢ়োৱাৰ কথা প্রকাশ কৰিছে। অহা ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া এক বর্ণাঢ্য অনুষ্ঠানত পাটোৱাৰীসহ ৫২গৰাকী শিল্পীক বিহাৰ চৰকাৰে সন্মানিত কৰিব।
ইফালে পাটোৱাৰীক এই বঁটা লাভ কৰাৰ বাবে শুভেচ্ছা জনাইছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। ছ'চিয়েল মিডিয়াযোগে শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'অসম কন্যা কল্পনা পাটোৱাৰীয়ে লোক সংগীতৰ ধাৰাটোৰে অধিক উজলি উঠি দেশৰ আন ৰাজ্যতো এগৰাকী আগশাৰীৰ কণ্ঠশিল্পী হিচাপে নিজৰ নাম তথা আমাৰ ৰাজ্যৰ নাম উজলাবলৈ সক্ষম হৈছে।
আমাৰ লগতে তেখেতৰ গায়কীয়ে মোহাৱিষ্ট কৰে বহু সংগীতপ্রেমীক। তেখেতৰ কলাত্মক প্ৰতিভাৰ বাবে বিহাৰ চৰকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজ্যিক সন্মান 'বিহাৰ কলা সন্মান : ২০২৩-২৪' তেখেতলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।
কণ্ঠশিল্পীগৰাকীৰ পৰিৱেশ্য কলাৰ অনন্য সাধনাৰ বাবে এই সন্মান আগবঢ়াব চৰকাৰখনে। অসমৰ জীয়ৰীগৰাকীৰ এই সফলতাই আমাকো আনন্দিত কৰিছে। আন্তৰিক অভিনন্দন কল্পনা পাটোৱাৰী।' উল্লেখযোগ্য যে অসমৰ বৰপেটা জিলাত জন্মগ্রহণ কৰা কল্পনা পাটোৱাৰী এগৰাকী ভাৰতীয় লোকগীতৰ সংগীতশিল্পী। তেওঁ ওস্তাদ গুলাম মুস্তাফা খানৰ অনুগামী আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকা হৈছে তেওঁৰ অনুপ্ৰেৰণা। পাটোৱাৰীয়ে বহুসংখ্যক ভোজপুৰী গানৰ উপৰি বলিউডৰ লগতে অসমীয়া চলচ্চিত্ৰতো কণ্ঠদান কৰিছে।
তেওঁ কণ্ঠদান কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত বলিউডৰ ৱেলকাম, বিল্লু, আক্রোশ, আৰ ৰাজুকুমাৰ আৰু অসমীয়া চলচ্চিত্র কন্যাদান, অহেতুক আৰু ৰণাংগন উল্লেখযোগ্য।