কাৱৈৰ্মাৰীৰ ৰঘুবাৰীত দিখৌৰ খহনীয়া, সংকটজনক মথাউৰি, উদ্বিগ্ন নৈপৰীয়া লোক

dainik janambhumi November 25, 2025

ডিজিটেল ডেস্ক : আন্তঃস্রোতা আৰু আন্তঃগভীৰ আদি অনেক নামেৰে বিভূষিত দিখৌ নদীৰ সংকটজনক মথাউৰি নিৰ্মাণৰ সম্পৰ্কত অসম তথা ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাই দিয়া কোনো প্রতিশ্রুতিয়েই কাৰ্যকৰী নোহোৱাত শিৱসাগৰ জিলাৰ বহু স্থানত সংকটজনক অৱস্থালৈ গতি কৰিছে দিখৌ নদীৰ মথাউৰিয়ে। মিত্ৰজোঁটৰ বিজেপি চৰকাৰে দ্বিতীয়টো কার্যকালত বিশেষকৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তর্গত সকলো দুর্বল মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি নিৰ্বাচনৰ সময়ত বিভাগীয় মন্ত্ৰী আৰু বিধায়কৰ দ্বাৰা জনসাধাৰণক প্রতিশ্রুতি দিছিল। চৰকাৰখনৰ দ্বিতীয়টো কাৰ্যকালতে চৰকাৰে দিয়া সেই প্রতিশ্রুতি কেৱল নির্বাচনকেন্দ্রিক হোৱাত শিৱসাগৰৰ জৰাজীৰ্ণ অৱস্থাত থকা দুৰ্বল দিখৌ নদীৰ মথাউৰিবোৰ তেনেদৰেই পৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পলমকৈ নতুন শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কাৱৈমাৰী পঞ্চায়তৰ দিখৌমুখ ৰঘুবাৰীত দিখৌ নদীৰ প্ৰপ্রায় ২০০ মিটাৰ দৈৰ্ঘ্যৰ ভয়ংকৰ গতিত খহনীয়াৰ সৃষ্টি হোৱাৰ উপৰি এফালৰ পৰা জাহ গৈছে দিখৌৰ বুকুত। খহনীয়াই ভয়ংকৰ ৰূপ লোৱা পৰিস্থিতিক লৈ সমীপৱৰ্তী জনসাধাৰণে উদ্বিগ্নতাৰে দিন পাৰ কৰিব লগা হৈছে। কিয়নো এনেদৰে গৰাখহনীয়া অব্যাহত থাকিলে ৰঘুবাৰী গাঁৱৰ বহুকেইটা পৰিয়ালৰ ঘৰ-বাৰীও নদীৰ বুকুত জাহ যোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে। 

 

প্রণিধানযোগ্য যে ইয়াৰ ৰঘুবাৰী নামঘৰৰ সমীপত অব্যাহত থকা খহনীয়াৰ প্রকোপ ইমানেই ভয়ংকৰ যে ৰঘুবাৰী নামঘৰৰ পৰা খহনীয়াৰ দূৰত্ব ৩০ মিটাৰো নহয়। যদিহে সময় থাকোঁতেই ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা জলসম্পদ বিভাগে গ্রহণ নকৰে তেতিয়া অচিৰেই গাঁওখনৰ ডেৰ শতাধিক পৰিয়ালৰ একমাত্ৰ আধ্যাত্মিক প্রতিষ্ঠান ৰঘুবাৰী নামঘৰটো অনাকাংক্ষিতভাবে জাহ যাব নদীৰ বুকুত। 

 

উল্লেখ কৰা প্ৰয়োজন যে দুটাকৈ কাৰ্যকাল সম্পূৰ্ণ কৰা ৰাজ্যৰ মিত্ৰজোঁটৰ বিজেপি চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাই স্থানীয় ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ সহিতে কিছুদিনৰ পূৰ্বে শিৱসাগৰত আহি দুৰ্বল মথাউৰিবোৰ নিজে পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণৰ প্ৰতিশ্রুতি দিছিল যদিও কার্যকালৰ অন্তিম ক্ষণতো প্রতিশ্রুতি কাৰ্যকৰী হোৱাৰ আজিলৈকে কোনো উম-ঘাম নাই।

পৰিতাপৰ বিষয় হ'ল নির্বাচন আহিলেই মথাউৰি নিৰ্মাণৰ প্রতিশ্রুতি দিয়াত পাকৈত ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰজোঁটৰ বিজেপি চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাই স্থানীয় বিধায়ক অখিল গগৈৰ সহিতে সৌ সিদিনা আভুৱা-ভাঁৰা প্রতিশ্রুতি দি থৈ যোৱাৰ পাছত পলমকৈ যোৱা ১৪ নৱেম্বৰত খহনীয়া অংশবোৰ পৰিদৰ্শন কৰি প্ৰাক্তন বিধায়ক তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ তত্ত্বাবধায়ক কুশল দুৱৰীয়ে স্থানীয় ৰাইজক সাময়িক সকাহ দিয়াৰ অভিযোগ উত্থাপন হৈছে সচেতন মহলৰ মাজত। ইফালে সমাগত নিৰ্বাচনৰ অচিলা লৈ চৰকাৰে মথাউৰি নিৰ্মাণৰ প্রতিশ্রুতি আৰু আশ্বাস যিমানেই নিদিয়ক কিয় এইবাৰ নিৰ্বাচনৰ আগেয়ে প্রতিশ্রুতি কাৰ্যকৰী নকৰা পৰ্যন্ত ৰাইজৰ ক্ষোভ নির্বাপিত নহয় বুলি সকীয়াই দিছে।

Share This