কাৰ্বি আংলঙৰ ঘটনা প্ৰৱাহক লৈ শিৱসাগৰত কৃষক মুক্তিৰ বিক্ষোভ, খিলঞ্জীয়া কাৰ্বিক অপমান কৰা সকলোকে গ্ৰেপ্তাৰৰ দাবী 

dainik janambhumi December 25, 2025

ডিজিটেল ডেস্ক: বিগত দুটা দিনত উত্তপ্ত হৈ থকা কাৰ্বি আংলঙৰ ঘটনাক কেন্দ্ৰ কৰি কালি শিৱসাগৰ নগৰত এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কালি শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিত উত্তাল প্রতিবাদ সাব্যস্ত কৰে দুই সংগঠনৰ নেতৃত্ব আৰু কর্মীয়ে। 

কার্বি আংলঙত খিলঞ্জীয়াৰ ভূমি অধিকাৰক লৈ সম্পন্ন হৈ থকা প্রতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পাছত একাংশ অনাকার্বি তথা অনাঅসমীয়া লোকে ভূমিপুত্র কার্বি সকলক 'চীনামূলীয় কার্বি গ'বেক' ধ্বনি দিয়াক লৈ কালি সৰৱ হৈ পৰিছে কৃষক আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতি। 'কাৰ্বি লোকসকলৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰক', 'কাৰ্বি ভাই-ভনী অকলশৰীয়া নহয়', 'কাৰ্বি সকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰক' আদি প্লেকার্ড আৰু শ্ল'গান দি প্রতিবাদকাৰীসকলে অনতিপলমে কার্বি লোকসকলক খোদ কার্বি ভূমিত কৰা অপমানৰ বাবে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে। 

প্রতিবাদত অংশগ্রহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুত শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে একাংশ উত্তৰ ভাৰতীয় লোকৰ ধৃষ্টতা ইমান বৃদ্ধি পালে যে তেওঁলোকে এতিয়া অসম আৰু অসমীয়াৰ অবিচ্ছেদ্য অংগ কার্বিসকলক 'চাইনিজ' বুলি অপমান কৰিব পৰা হ'ল। এই অপমান কোনো কাৰণত গ্ৰহণ কৰিব পৰা নাযায়। এয়া বৃহত্তৰ অসমীয়া জাতিটোৰ প্ৰতি এক অপমান আৰু ভাবুকি। এনে মন্তব্য কৰা উত্তৰ ভাৰতৰ লোকসকলক অনতিপলমে গ্ৰেপ্তাৰ নকৰিলে অসম চৰকাৰ যে কোনো কাৰণৰ বাবে এই উত্তৰ ভাৰতীয়সকলৰ ফৈদত আছে সেয়া স্পষ্ট হৈ পৰিব বুলিও তেওঁ সদৰী কৰে। সংবিধানৰ ছয় নং অনুচ্ছেদ অনুসৰি কাৰ্বি লোকসকলৰ সাংবিধানিক আৰু ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ কৃষক মুক্তিৰ নেতা গৰাকীয়ে দাবী উত্থাপন কৰে। লগতে তেওঁ কার্বিসকলে তেওঁলোকৰ অধিকাৰৰ বাবে কৰা যুঁজখন খিলঞ্জীয়াৰ যুঁজ বুলি উল্লেখ কৰি তেওঁলোকৰ ন্যায্য - দাবীৰ প্ৰতি সমিতিৰ মুকলি সমর্থন থকাৰ কথা ঘোষণা কৰে।

Share This