কাৰ্বি আংলং জিলাৰ বিশেষ টেʼট পৰীক্ষাত উত্তীৰ্ণ যুৱক-যুৱতীসকলে আজিও নাপালে নিযুক্তি

Kakali Deka May 15, 2025

ডিজিটেল ডেস্কঃ কাৰ্বি আংলং জিলাৰ বিশেষ টেʼট পৰীক্ষাত উত্তীৰ্ণ যুৱক-যুৱতীসকলে আজিও নাপালে নিযুক্তি।  ২০২৩ চনত ষষ্ঠ অনুসূচীভুক্ত জিলা হিচাপে  অসম চৰকাৰে অনুষ্ঠিত কৰিছিল এই বিশেষ টেʼট পৰীক্ষা।

জিলাখনত খালী হৈ থকা পদত নিযুক্তি দিয়াৰ বাবে অনুষ্ঠিত কৰিছিল এই বিশেষ টেʼট পৰীক্ষা। কিন্তু আজিলৈকে টেʼট উত্তীৰ্ণ যুৱক-যুৱতীসকলক নিযুক্তি প্ৰদান নকৰিলে চৰকাৰ কিম্বা পৰিষদে।

ইয়াকে লৈ ডিফুত সংবাদ মেলযোগে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিলে টেʼট উত্তীৰ্ণ যুৱক- যুৱতীসকলে।

বহুতৰ চাকৰিৰ বয়স পাৰ হোৱাৰ দিশত, সেয়েহে তেওঁলোকে পৰিষদৰ CEM তুলিৰাম ৰংহাঙৰ ওচৰলৈ বহুবাৰ গৈছিল।

কিন্তু তাৰ পাছতো পৰিষদে নিযুক্তিৰ বাবে আৱেদন বিচাৰি বিজ্ঞাপন নিদিয়াৰ অভিযোগ উঠিছে।

টেʼট উত্তীৰ্ণ হৈয়ো তেওঁলোকৰ কোনো লাভ হোৱা নাই বুলি উল্লেখ কৰি শীঘ্ৰেই নিযুক্তি দিয়াৰ দাবী জনায় যুৱক-যুৱতীসকলে।

অন্যথা পৰৱৰ্তীসময়ত অন্য পন্থা গ্ৰহণৰ কথাও সংবাদ মেলত সদৰী কৰে টেʼট উত্তীৰ্ণ যুৱক-যুৱতীসকলে।

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This