ডিজিটেল ডেস্কঃ কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণত ৰাজ্যৰ নদ-নদীসমূহৰ পানী ফেনে-ফোটোকাৰে ওফন্দি উঠিছে। আন আন প্ৰান্তৰৰ লগতে তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰি অঞ্চলৰ নদী, জানসমূহতো হোৰাহোৰে পানী বাঢ়ি আহিছে।
কৰ্দৈগুৰি অঞ্চলৰ কাষেৰে বৈ যোৱা ডাঙৰী নদী (অনন্ত নলা)ৰ পানী বাঢ়ি অঞ্চলটোৰ ৩নং কৰ্দৈগুৰি (গৰিয়াটিং) গাঁৱত ব্যাপক খহনীয়া আৰম্ভ হৈছে। চপৰা চপৰে মাটি খহিবলৈ ধৰাত নদী কাষৰীয়া পৰিয়ালসমূহে টালি-টোপোলা বান্ধি নিৰাপদ স্থানলৈ যাবলৈ সাজু হৈছে। বহাগ মাহৰ ৰঙালী বিহুৰ আনন্দৰ কথা বাদ দি খিলঞ্জীয়া বুলি দাবী কৰি অহা মৰাণসকলে ঘৰ-বাৰী এৰি যাব লগা বিষয়টোৱে তাৎপর্য বহন কৰিছে। ৩নং কৰ্দৈগুৰি গৰিয়াটিং গাঁৱৰ সোমেশ্বৰ মৰাণ, নোমল মৰাণ, হৰল মৰাণ, দীপেন মৰাণৰ বাসগৃহ খহনীয়াৰ কবলত পৰাৰ শংকা কৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰে হৰল মৰাণৰ বাসগৃহটো ইতিমধ্যে নদীৰ খহনীয়াত জাহ গৈছে।
অনন্ত নলাই সৃষ্টি কৰি থকা খহনীয়াত গাঁওখনৰ আঠটা পৰিয়ালৰ ভেটি উচন হোৱাৰ অৱস্থা। মানুহৰ আশ্ৰয় গৃহ হঠাতে গৰু বন্ধা গোহালিত পৰিণত হৈছে। পীড়িত লোকসকলে আশ্রয় বিচাৰি হাবাথুৰি খাব লগা হৈছে। যোৱা ২৫ এপ্ৰিলত ডুমডুমা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীয়ে খহনীয়াস্থলী পৰিদৰ্শন কৰাৰ পাছত আজি তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালে কৰ্দৈগুৰি গাঁও পঞ্চায়ত অঞ্চলৰ খহনীয়া প্ৰভাৱিত এলেকা ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। তেওঁ শেহতীয়া খহনীয়াৰ দ্বাৰা প্ৰভাৱিত পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকক পুনৰ সংস্থাপন আৰু সাহায্য প্ৰদানৰ বাবে আৱশ্যকীয় ব্যৱস্থা শীঘ্ৰে গ্ৰহণ কৰিবলৈ ৰাজহ চক্ৰ বিষয়াক নির্দেশ দিয়ে। জিলা আযুক্ত গৰাকীৰ সৈতে এই পৰিদৰ্শন কালত জলসম্পদ বিভাগৰ বিষয়াসকলো উপস্থিত থাকে। আয়ুক্তগৰাকীয়ে তেওঁলোকক জলস্তৰ নিম্নগামী হোৱাৰ লগে লগে মথাউৰি আৰু খহনীয়াৰ সুৰক্ষাৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে।