কর্মযোগী কনক চন্দ্র শৰ্মাক মৃত্যু দিৱসত স্মৰণ

dainik janambhumi January 12, 2026

ডিজিটেল ডেস্ক: দৈনিক জনমভূমি'ৰ অন্যতম স্থপতি, কর্মযোগী কনক চন্দ্র শৰ্মাৰ মৃত্যু দিৱসত কালি জনমভূমি প্ৰতিষ্ঠানৰ যোৰহাট কাৰ্যালয়ৰ‌ সমূহ বিষয়া-কর্মচাৰীয়ে কর্মযোগীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে। 

কালি পুৱা জনমভূমি প্রতিষ্ঠানত কৰ্মযোগীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰে 'দৈনিক জনমভূমি'ৰ মুখ্য পৰিচালন বিষয়া দীপক আচার্য্যই। চমু অনুষ্ঠানটোত দৈনিক জনমভূমিৰ মহাপ্ৰবন্ধক ৰঞ্জন শইকীয়া, মহাপ্রবন্ধক এম চিৰাজ, দৈনিক জনমভূমিৰ ডেস্ক ইনচার্জ দিগন্ত বুঢ়াগোহাঁই, ডেস্ক ইনচার্জ, বসুন্ধৰাৰ সম্পাদক শাংকব কৌশিক বৰুৱাকে ধৰি কেইবাগৰাকীও বিষয়া-কর্মচাৰীয়ে পুষ্পাঞ্জলি, ধূপ-প্রদীপ অর্পণ কৰি কৰ্মযোগীগৰাকীক স্মৰণ কৰে। জনমভূমি প্ৰতিষ্ঠানৰ উত্তৰণত প্রয়াত কনক চন্দ্ৰ শৰ্মাৰ কৰ্ম প্ৰেৰণা সকলোৱে আলোকপাত কৰে।

Share This