ডিজিটেল ডেস্ক: 'কাজিৰঙা কেৱল এখন ৰাষ্ট্ৰীয় উদ্যান নহয়, কাজিৰঙা অসমৰ আত্মা। কাজিৰঙা ভাৰতবৰ্ষৰ জৈৱ বৈচিত্র্যৰ এক অমূল্য ৰত্ন।'- এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ। কালি কলিয়াবৰৰ মৌচন্দ্ৰা পথাৰত কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ শিলান্যাস কৰি এখন বিশাল জনসভা সম্বোধন কৰি মোদীয়ে কয় যে কাজিৰঙা আৰু বন্যপ্রাণীক বচোৱাৰ দায়িত্ব কেৱল পৰিৱেশ ৰক্ষাই নহয়, ই অসমৰ ভৱিষ্যৎ আৰু অনাগত প্ৰজন্মৰ বাবে অতি দায়িত্বপূর্ণ কর্তব্য। ই কেৱল মোদীৰ দায়িত্ব নহয়, আপোনালোকৰো দায়িত্ব আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই নতুন প্রকল্পৰ আৰম্ভ কৰা হৈছে। ইয়াৰ ব্যাপক প্রভাৱ হ'ব।
তেওঁ কয় যে কাজিৰঙা এশিঙীয়া গঁড়ৰ ঘৰ। প্ৰতি বছৰে বানৰ সময়ত ব্ৰহ্মপুত্ৰৰ জলস্তৰ যেতিয়া বাঢ়ি যায়, তেতিয়া জীৱ-জন্তুৱে বহু প্রত্যাহানৰ সন্মুখীন হ'বলগীয়া হয়। এনে সময়ত গঁড়, হাতী, হৰিণ আদিয়ে ওখ স্থান বিচাৰি ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই যায় আৰু কেতিয়াবা ৰাস্তা পাৰ হ'বলৈ লওঁতেই দুর্ঘটনাত পতিত হয়। গতিকে আমাৰ প্ৰয়াস- ৰাস্তাও চলি থাকক আৰু জীৱ-জন্তুও কাজিৰঙাত সুৰক্ষিত থাকক। সেয়ে কলিয়াবৰৰ পৰা প্ৰায় ৭,০০০ কোটি টকা ব্যয়েৰে ৯০ কিল'মিটাৰ কৰিডৰ নিৰ্মাণ কৰা হ'ব। ইয়াৰে ৩৫ কিল মিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড বনোৱা হ'ব। গাড়ী ওপৰৰে চলিব আৰু তলৰ পৰা বনৰীয়া জীৱ-জন্তুৰ মাত শুনিব। লগতে তেওঁ এই এলিভেটেড কৰিডৰে উজনিৰ লগতে অৰুণাচলৰ যাতায়াত ব্যৱস্থাত এক সুচল পৰিৱৰ্তন আনিব বুলি উল্লেখ কৰে।
'অসমৰ প্ৰগতীপ্রেমী ৰাইজলৈ আন্তৰিক প্ৰণাম' বুলি অসমীয়াতে ভাষণ আৰম্ভ কৰা প্ৰধানমন্ত্ৰী মোদীয়ে কয়, 'অসমৰ ইতিহাসত কলিয়াবৰ এক ঐতিহাসিক স্থান হিচাপে পৰিগণিত হৈছে। অসমৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে এই স্থান অতি গুৰুত্বপূৰ্ণ। কলিয়াবৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ আৰু উজনিৰ সংযোগী স্থান। ইয়াৰ পৰাই মহাযোদ্ধা লাচিত বৰফুকনে মোগলক খেদিবলৈ ৰণনীতি প্রস্তুত কৰিছিল। লাচিত বৰফুকনৰ নেতৃত্বতেই অসমবাসীয়ে সাহস, স্থিৰ আৰু সংকল্প লৈ মোগলক পৰাস্ত কৰিছিল। এয়া অসমৰ স্বাভিমান আৰু আত্মবিশ্বাসৰ প্রতীক। তেওঁ বিজেপি ভাৰতবাসীৰ প্ৰথম পচন্দৰ হৈ পৰা বুলি ভাষণত উল্লেখ কৰি কয় যে বিগত এক-ডেৰ বছৰৰ পৰা বিজেপি প্রতি মানুহৰ আকৰ্ষণ বাঢ়ি গৈ আছে। বিহাৰত বিজেপিয়ে বৃহৎ জয়লাভ কৰিছে। মুম্বাইৰ দৰে চহৰত বিজেপি জয়ী হৈছে আৰু কাজিৰঙাত বিজয় উৎসর উদযাপন হৈ আছে। কেৰালাৰ জনতাই বিজেপিক সমর্থন কৰিছে, মেয়ৰ বনাইছে। বিগত সময়ত যি নির্বাচন হৈছে তাত জনাদেশ স্পষ্ট হৈ পৰিছে। বিকাশৰ বাবেই জনতাই বিজেপিক পচন্দ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়- কংগ্ৰেছৰ অবস্থা এতিয়া শোচনীয়। কংগ্ৰেছে দেশৰ ভৰসা হেৰুৱাই পেলাইছে। কাৰণ কংগ্ৰেছৰ বিকাশৰ কোনো কার্যসূচী নাই। এই কংগ্ৰেছে কাজিৰঙাৰো কোনো ভাল চিন্তা কৰিব নোৱাৰে। কাজিৰঙাৰ সুন্দৰতাৰ বিষয়ে ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাই কৈছিল 'আমাৰ কাজিৰঙা ধন্য, প্ৰকৃতিৰ ধুনীয়া কোলাত খেলি, আমাৰ মোৰ হ'ল পুণ্য'। এই শব্দৰ মাজতে কাজিৰঙাৰ প্ৰতি প্ৰেম আৰু অসমীয়া লোকৰ প্ৰকৃতীপ্ৰেমৰ স্নেহ ফুটি উঠিছে। কাজিৰঙা এলিভেটেড কৰিডৰে অসমৰ বাবে এক নতুন সূচনা কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে এটা সময়ত গঁড় চিকাৰ অসমৰ সকলোতকৈ চিন্তাৰ বিষয় হৈ পৰিছিল। ২০১৩-২০১৪-ত ১২টা এশিঙীয়া গঁড় হত্যা কৰা হৈছিল। কিন্তু বিজেপি চৰকাৰে এই কার্য হ'বলৈ নিদিওঁ বুলি থিৰাং কৰি কাজিৰঙাৰ সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰাৰা লগতে বন বিভাগক অত্যাধুনিক কৰাৰ পাছতে গঁড় হত্যা সম্পূর্ণ বন্ধ হৈ পৰে। ইয়াৰ বাবে তেওঁ ৰাজ্য চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰি অসমবাসীৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আৰু কয় যে এটা সময়ত ধাৰণা আছিল যে প্রকৃতি আৰু প্ৰগতি এই দুয়োটা বিপৰীত। কোৱা হৈছিল এই দুয়োটা একেলগে নাহে। কিন্তু আজি ভাৰতে বিশ্ববাসীক দেখুৱাই দিলে যে প্রকৃতি আৰু প্ৰগতি দুয়োটা একেলগে সম্ভৱ।
প্রধানমন্ত্ৰীগৰাকীয়ে কয়, 'এক পেৰ মা কী নাম'-এই অভিযানে ২৬০ কোটিতকৈ অধিক গছপুলি ৰোপণ কৰি প্ৰকৃতি আৰু পৰিৱেশ গঢ়ি তোলা হৈছে। বিজেপিয়ে উন্নয়নৰ লগতে প্রকৃতি সুৰক্ষা কৰা দুয়োটা কৰি আহিছে বুলি উল্লেখ কৰি কংগ্ৰেছৰ পৰা বহু সাৱধানে থাকিব লাগিব বুলি মন্তব্য কৰি কয় যে ডাবল ইঞ্জিনৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ দ্রুত উন্নয়ন কৰি আহিছে। কংগ্ৰেছ চৰকাৰে ৰে'ল বাজেটত অসমত ২ হাজাৰ কোটি দিছিল, বিজেপিয়ে আজি ১০ হাজাৰ কোটি টকা দিছে। কংগ্ৰেছ চৰকাৰে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে একোৱেই নকৰিলে বুলি উল্লেখ কৰি তেওঁ কংগ্ৰেছে অসমৰ চৰকাৰ গঠন আৰু ভোট বেংকৰ স্বাৰ্থত অবৈধ অনুপ্ৰৱেশকাৰীক আনি অসমৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি ভাবুকি মাতি বছৰৰ পাছত বছৰ চৰকাৰৰ গঠন কৰি বিদেশীক বৰপীৰা পাৰি দিলে বুলি মন্তব্য কৰি ক্ষুৰধাৰ সমালোচনা কৰে। নর্থ-ইষ্ট এতিয়া দূৰত নহয়, দিল্লীৰ ওচৰত। অসমৰ পৰিচয় ধৰি ৰাখিবলৈ অসমত বিজেপিয়ে যিদৰে কাম কৰি আছে, অবৈধ বেদখলমুক্ত কৰি আহিছে, অসমৰ ঐতিহ্য ধৰি ৰাখিছে। কংগ্ৰেছ চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা নাছিল। ইয়াৰ ফলত বিভিন্ন চৰকাৰী ভূমি, অভয়াৰণ্যৰ ভূমিত বিদেশীৰ আগ্রাসন বাঢ়ি আহিছিল, অসমৰ পৰম্পৰা-ঐতিহ্য বিনষ্টৰ পথত আছিল। অসম আগবাঢ়িলে নর্থ-ইষ্ট আগবাঢ়ে, নর্থ-ইষ্ট আগবাঢ়িলে ভাৰত আগবাঢ়ে বুলিও মোদীয়ে কয়। একেটা অনুষ্ঠানতে প্রধানমন্ত্রীয়ে দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে'লৰো ফ্লেগ অফ কৰে। এই ৰে'ল দুখন হ'ল গুৱাহাটী (কামাখ্যা)-ৰোহটক অমৃত ভাৰত এক্সপ্ৰেছ আৰু ডিব্ৰুগড়-লক্ষ্ণৌ (গোমতী নগৰ) অমৃত ভাৰত এক্সপ্রেছ।