ডিজিটেল ডেস্ক : তিনিচুকীয়াৰ বাঘজান তৈলক্ষেত্ৰৰ দৰে ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ গৈ আছে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ খাৰচাঙৰ তৈলক্ষেত্র। বিগত ১৭ দিনে অহৰহভাৱে নির্গত হৈ আছে তেল মিশ্রিত গেছ। অইল ইণ্ডিয়া লিমিটেডে খাৰচাং তৈলক্ষেত্ৰ জিঅ' এন প্র' নামৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক গতোৱাৰ পাছত প্রতিষ্ঠানটোৱে খাৰুৱা তেল খনন কৰি আহিছিল। কিন্তু খাৰচাঙৰ তৈলক্ষেত্ৰত নতুনকৈ খনন কৰা এটা খাদত যোৱা ৩০ অক্টোবৰত কাৰিকৰী বিজুতিৰ বাবে তেল মিশ্রিত গেছ ভয়ংকৰভাৱে নিৰ্গত হ'বলৈ ধৰে।
প্ৰথম অৱস্থাত জিঅ' এন প্ৰ'ৰ নিজৰ অভিযন্তাই নির্গমণ বন্ধ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হোৱাত অইল ইণ্ডিয়া লিমিটেড আৰু অ' এন জি চিৰ সহায় বিচাৰে। অইল ইণ্ডিয়া আৰু অ' এন জি চিৰ দুৰ্যোগ প্রশমন ব্যৱস্থাৰ সকলো কৌশল ব্যর্থ হোৱাত যোৱা ৭ নৱেম্বৰত ঘটনাস্থলীত উপস্থিত হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ M/S Cudd Pressure Control নামৰ এক প্ৰতিষ্ঠানৰ এটা বিশেষজ্ঞৰ দল। কিন্তু জানিব পৰা মতে, বিশেষজ্ঞৰ দলটোৱে খাদটোত থকা কেতবোৰ কাৰিকৰী বিজুতিৰ বাবে বৰ্তমানেও কামত হাত দিব পৰা নাই। বর্তমান গেছ নির্গমণ হৈ থকা খাদটোৰ চাৰিওফালে বৃহৎ বৃহৎ পুখুৰী খান্দি গেছ নির্গমণ হৈ থকা স্থানত অহৰহ পানী দি থকা হৈছে। যিটো বাঘজান তৈলখাদতো কৰা দেখা গৈছিল।
বৃহৎ চাপেৰে যোৱা এপষেক ধৰি তেল মিশ্রিত গেছ নির্গত হৈ থকাত স্থানীয় অঞ্চলৰ পৰিৱেশত বাৰুকৈয়ে প্ৰভাৱ পৰিছে। কেনেবাকৈ জুইৰ সংস্পৰ্শলৈ আহিলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিশ্চিত। বাঘজানৰ দৰেই ভয়ংকৰ অগ্নিকুণ্ডত পৰিণত হ'বলৈ বেছি পৰ নালাগিব। উল্লেখযোগ্য যে বাঘজানৰ দৰেই ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ গাফিলতিৰ বাবেই এনেধৰণৰ ঘটনা সঘনাই সংঘটিত হ'বলৈ ধৰিছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে খাৰচাং তৈলক্ষেত্ৰত প্ৰচুৰ পৰিমাণৰ গেছ, তেল থকাৰ পাছতো অইল ইণ্ডিয়া লিমিটেডে পৰিত্যক্ত ঘোষণা কৰিছিল। উক্ত তৈলক্ষেত্ৰৰ পৰা কোনোধৰণৰ লাভ নোহোৱাৰ দোহাই দি তৈলক্ষেত্রখন নবৈ দশকতে এৰি দিছিল। কিন্তু এই পৰিত্যক্ত তৈলক্ষেত্রখনতে জিঅ' এন প্র' নামৰ ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে আজিলৈকে কেনেকৈ খাৰুৱা তেল, গেছ উৎপাদন কৰি আছে সেয়াহে ৰহস্যৰ বিষয়। বাঘজান, ৰূদ্রসাগৰৰ দৰে ভয়াৱহ ঘটনা সংঘটিত হোৱাৰ পাছতো অইল ইণ্ডিয়া লিমিটেড আৰু অ' এন জি চিয়ে কিয় শিক্ষা লোৱা নাই বুলি প্রশ্ন উত্থাপিত হৈছে।