কামপুৰত পৰকীয়া প্ৰেমৰ বাবে পত্নী আৰু প্ৰেমিক শিক্ষকক হত্যা স্বামীৰ

Kakali Deka May 21, 2025

ডিজিটেল ডেস্ক: কামপুৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। পুনৰ পৰকীয়া প্ৰেমৰ বাবে প্ৰাণহানি হ'ল এগৰাকী মহিলা আৰু এজন পুৰুষৰ।

পত্নী আৰু পত্নীৰ প্ৰেমিকক হত্যা কৰিলে জয়কান্ত দাস নামৰ এজন লোকে।

স্বামী জয়কান্ত দাস নথকাৰ সময়তে ভাৰাঘৰৰ কোঠাত সোমাই আছিল পত্নী গীতাৰাণী দাস আৰু পত্নীৰ প্ৰেমিক ভাস্কৰ নাথ। ভাস্কৰ নাথ এগৰাকী টে'ট শিক্ষক। 

পত্নী আৰু পত্নীৰ পৰকীয়া প্ৰেমিক শিক্ষক ভাস্কৰ নাথক একেটা কোঠাত দেখি খঙত অগ্নিশৰ্মা হৈ পৰে জয়কান্ত দাস।

খঙৰ ভমকত হিতাহিত জ্ঞান হেৰুৱাই পত্নী গীতাৰাণী দাস আৰু পত্নীৰ প্ৰেমিক ভাস্কৰ নাথক ৰডেৰে মৰিয়াই হত্যা কৰিলে জয়কান্ত দাসে। দুয়োকে হত্যা কৰি জয়কান্ত দাসে কামপুৰ থানাত আত্মসমৰ্পণ কৰে৷

জানিব পৰা অনুসৰি স্বামী জয়কান্ত দাস কৰ্মসূত্ৰে কামপুৰৰ বাহিৰত থাকে। আৰু কামপুৰত ভাৰাঘৰত বাস কৰিছিল জয়কান্ত দাসৰ পৰিয়ালে। একেটা ভাৰাঘৰৰ চৌহদতে বাস কৰিছিল জয়কান্ত দাসৰ পৰিয়াল আৰু টে'ট শিক্ষক ভাস্কৰ নাথ। 

স্বামী দূৰত থকাৰ সুযোগ লৈ গীতাৰাণী দাসে প্ৰেমৰ মধুৰ সম্পৰ্ক গঢ়ি তুলিছিল ভাস্কৰ নাথৰ লগত। অৱশেষত পৰকীয়া প্ৰেম কৰি দুয়োৱে মৃত্যুক সাবটি ল'বলগীয়া হ'ল। 

মৃত টে'ট শিক্ষক ভাস্কৰ নাথৰ ঘৰ মঙলদৈত বুলি জানিব পৰা গৈছে। নিহত গীতাৰাণী দাস আৰু ঘাতক স্বামীৰ প্ৰকৃত ঘৰ কামপুৰৰ দেৱ নাৰিকলিত।

গাৰ নোম শিয়ৰি উঠা এই কাণ্ডই কামপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This