ডিজিটেল ডেস্ক : জনজাতিকৰণৰ বাবে দীর্ঘদিন ধৰি আন্দোলন কৰি অহা ৰাজ্যৰ কোচ ৰাজবংশী লোকসকলক বিশেষ ক্ষমতা প্ৰদানৰ চিন্তা-চৰ্চা কৰিছে ৰাজ্য চৰকাৰখনে। সেই অনুসৰি আগত দিনত ৰাজ্যৰ ট্ৰাইবেল বেল্ট আৰু ব্লকত সংৰক্ষিত শ্ৰেণী হিচাপে কোচ ৰাজবংশীৰ লোকসকলে যাতে ভূমি ক্ৰয় কৰিব পাৰে, তাৰবাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বিশেষ পদক্ষেপ হাতত লৈছে। জানিব পৰা মতে, শেহতীয়াকৈ ৰাজ্য চৰকাৰে প্ৰতিখন জিলাৰে আয়ুক্তলৈ এই সন্দৰ্ভত এখন পত্র প্রেৰণ কৰি ট্রাইবেল বেল্ট আৰু ব্লকত বাস কৰি থকা কোচ ৰাজবংশী লোকৰ সবিশেষ তথ্য দাখিলৰো নির্দেশ দিছে। ইতিমধ্যে এই নির্দেশ লাভ কৰাৰ পাছতেই জিলা আয়ুক্তসকলে যিমান পাৰি সিমান সোনকালে এই সম্পর্কীয় তথ্য দাখিল কৰাৰ বাবে ৰাজহ চক্র বিষয়াসকললৈ পত্ৰ প্ৰেৰণ কৰিছে।
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপৰ ফলত সমগ্ৰ ৰাজ্যৰে ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহত কোচ ৰাজবংশীসকলে ভূমিৰ অধিকাৰ লাভ কৰাৰ লগতে মাটি ক্রয়-বিক্রয় কৰিব পাৰিব। ইফালে, ৰাজ্য চৰকাৰৰ এনে চিন্তা-চর্চাই উদ্বিগ্ন কবি তুলিছে ৰাজ্যৰ জনজাতীয় লোকসকলক। ট্রাইবেল বেল্ট আৰু ব্লক একমাত্র জনজাতীয় লোকসকলৰ বাবেহে সংৰক্ষিত বুলি উল্লেখ কৰি ট্রাইবেল সংঘই চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিছে। ট্রাইবেল সংঘৰ সম্পাদক প্রধান আদিত্য খাকলাৰীয়ে কয় যে অসমৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ চাৰি লক্ষাধিক ভূমি বেদখলকাৰীৰ কবলত আছে। কিন্তু চৰকাৰে উক্ত ভূমি দখলমুক্ত কৰাৰ পৰিৱৰ্তে জনজাতীয় লোকসকলৰ অধিকাৰ ক্ৰমাৎ নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। যদিহে কোচ ৰাজবংশী লোসকলক সংৰক্ষিত শ্ৰেণী হিচাপে ট্রাইবেল বেল্ট আৰু ব্লকত মাটি ক্রয় কৰিবলৈ অনুমতি দিয়ে তেনেহ'লে বৰ্তমানৰ জনজাতীয় লোকসকলৰ অধিকাৰ খৰ্ব হ'ব। চৰকাৰৰ এনে চিন্তা-চৰ্চা পৰিহাৰ কৰাৰ বাবে ট্রাইবেল সংঘই অহা সাত, আঠ এপ্রিলত প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰিব বুলিও তেওঁ জানিবলৈ দিছে।
উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে বিদেশী ন্যায়াধীকৰণত গোচৰ ৰজু হৈ থকা ২৮ হাজাৰ কোচ ৰাজবংশী লোকৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰীৰ মতে, কোচ ৰাজবংশীসকল হৈছে অসমৰ এটা খিলঞ্জীয়া জনগোষ্ঠী। কোচ ৰাজবংশীসকল অসমৰ সংস্কৃতিৰ এটা এৰাব নোৱৰা অংগ। সেয়েহে চৰকাৰে ২৮ হাজাৰ কোচ ৰাজবংশী লোকৰ ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰিছে। ইফালে, অভিযোগ উত্থাপন হৈছে যে কোচ ৰাজবংশীৰ নামত ৰাজ্য চৰকাৰখনে যি ২৮ হাজাৰ লোকৰ গোচৰ প্রত্যাহাৰ কৰিবলৈ লৈছে উক্ত লোকসকলৰ সকলো প্ৰকৃততে কোচ ৰাজবংশী নহয় বা ৰাজ্যৰ খিলঞ্জীয়াও নহয়। বহুসংখ্যক লোক বাংলাদেশৰ পৰা অহা।
অৱশ্যে গোচৰ প্ৰত্যাহাৰ কৰিব খোজা ২৮ হাজাৰ লোকৰ সকলোৱেই হিন্দু লোক। ডি ভোটাৰৰ পৰা মুক্তি দি উক্ত লোকসকলক চৰকাৰে প্ৰকৃততে পিছ দুৱাৰেদি ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ চেষ্টা চলাইছে। পিছে এনে পৰিস্থিতিৰ মাজতে এতিয়া ৰাজ্য চৰকাৰখনে ট্রাইবেল বেল্ট আৰু ব্লকত সংৰক্ষিত শ্ৰেণী হিচাপে কোচ ৰাজবংশীৰ লোকসকলক ভূমিৰ অধিকাৰ দিবলৈ ওলোৱা কাৰ্য লক্ষণীয় হৈ পৰিছে।