NSCNৰ গুলীত আঘাতপ্ৰাপ্ত হৈ ২০১৭ চনৰে পৰা চিকিৎসাধীন হৈ থকা আছাম  ৰাইফলচৰ জোৱান প্রবীণ চন্দ্র বৰ্মনৰ মৃত্যু

Rashmi January 03, 2026

ডিজিটেল ডেস্ক: NSCNৰ গুলীত আঘাতপ্ৰাপ্ত হৈ সুদীৰ্ঘ বছৰ ধৰি চিকিৎসাধীন হৈ থকা আছাম ৰাইফলচৰ জোৱানৰ মৃত্যু । মৃত জোৱানগৰাকী হ'ল কোকৰাঝাৰ জিলাৰ ছালাকাটি পদ্মবিল গাঁৱৰ প্রবীণ চন্দ্র বৰ্মন (৬০)। শনিবাৰে নিশা ১-২০ মান বজাত মৃত্যু হয় জোৱানগৰাকীৰ। উল্লেখযোগ্য যে নগালেণ্ডত যোৱা ২০১৭  চনৰ ১১ ছেপ্টেম্বৰত NSCNৰ আক্রমণত আছাম ৰাইফলচৰ জোৱান প্রবীণ চন্দ্র বৰ্মন গুৰুতৰভাৱে আহত হৈছিল।

জোৱানগৰাকী তেতিয়াৰে পৰা অৰ্থাৎ ২০১৭ চনৰে পৰা চিকিৎসাধীন হৈ আছিল। পৰিয়ালে আশা কৰিছিল এদিন নহয় এদিন তেওঁ সুস্থ হৈ উঠিব। কিন্তু নিয়তিৰ পৰিহাসত তেওঁ সুস্থ হৈ নুঠিল আৰু অৱশেষত শনিবাৰে নিশা চিকিৎসাধীন অৱস্থাতে তেওঁ মৃত্যুক সাবটি লয়।

প্রবীণ চন্দ্র বৰ্মনে চিকিৎসাধীন অৱস্থাতে যোৱা ২০২৫ চনৰ ১ ফেব্রুৱাৰীত অৱসৰ গ্ৰহণ কৰিছিল। মৃত্যুৰ সময়ত পত্নীসহ দুগৰাকী কন্যা আৰু এগৰাকী ল’ৰা সন্তান এৰি যায় প্রবীণ চন্দ্র বৰ্মনে।



উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This