ডিজিটেল ডেস্কঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রাম আৰক্ষী থানাৰ অন্তর্গত চিথিলাৰ ৰাজপথত সোমবাৰে এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্রপাত হয়। উল্লেখযোগ্য যে পথৰ ওপৰৰ বৈদ্যুতিক তাঁৰৰ সংস্পর্শ ঘটি সংঘটিত হোৱা অগ্নিকাণ্ডত এখন মৰাপাট ভর্তি মিনি ট্রাক সম্পূর্ণৰূপে ভস্মীভূত হয়। মৰাপাটত সিঁচৰতি অগ্নিকাণ্ডৰ লেলিহান শিখাই এ এছ-১৭ চি ০১২৮ নম্বৰৰ মিনি ট্রাকখন সম্পূর্ণৰূপে ভস্মীভূত কৰে।
ঘটনাত ট্রাকখনত থকা চালকসহ অইন ব্যক্তৰ কথমপি প্ৰাণৰক্ষা পৰে। ইপিনে প্রত্যক্ষদর্শীৰ মতে, চিথিলাৰ ৰাজপথেদি মিনি ট্রাকখনে জোখতকৈ অত্যধিক মৰাপাট কঢ়িয়াই আহি আছিল আৰু পথৰ ওপৰত থকা বৈদ্যুতিক তাঁৰত স্পর্শ কৰাতহে এই অগ্নিকাণ্ড সংঘটিত হ'বলৈ পালে বুলি জনায়।
ঘটনাই অসম আৰক্ষীৰ ওপৰত অভিযোগৰ আঙুলি উঠিছে আৰু চিথিলা বজাৰ চকত আৰক্ষীৰ নিয়মিত তালাচীৰ সময়ও কেনেকৈ জোখতকৈ অত্যধিক বোজা লৈ মিনি ট্রাকখনক যাবলৈ অনুমতি দিয়া হ'ল সেয়াও এতিয়া বৃহৎ প্রশ্ন উত্থাপন হৈছে।