ডিজিটেল ডেস্ক : এখন ড্ৰাগছ মুক্ত বড়োলেণ্ড গঢ়াৰ লক্ষ্যৰে ইউ পি পি এলৰ যুৱ গোটৰ উদ্যোগত কাইলৈ অৰ্থাৎ ২৭ এপ্ৰিলত এক মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ পতাকা জোকাৰি মাৰাথন দৌৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিব বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে ৷
শনিবাৰে কোকৰাঝাৰত এক সংবাদমেল সম্বোধন কৰি ইউ পি পি এলৰ যুৱ গোটৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) ড° ছাংগ্ৰাং ব্ৰহ্মই এই বিষয়ে সদৰী কৰি জানিবলৈ দিয়া মতে, ২৭ এপ্ৰিলৰ পুৱা ছয় বজাত কোকৰাঝাৰ জিলাৰ বনৰগাঁৱৰ পৰা আৰম্ভ হ’বলগীয়া উক্ত মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আনুষ্ঠানিকভাৱে পতাকা জোকাৰি শুভাৰম্ভ কৰিব বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে ৷
বনৰগাঁৱৰ পৰা আৰম্ভ হ'বলগীয়া মাৰাথন দৌৰ চন্দ্ৰপাৰা, ঘোষকাটা, দোতমা হৈ ত্ৰিশ কিল'মিটাৰ পথ পৰিভ্ৰমণ কৰি ছেৰফাংগুৰিত অন্ত পৰিব ৷
উক্ত মাৰাথন দৌৰ প্ৰতিযোগিতাত বি টি আৰ, অসম ,উত্তৰ-পূবসহ বিহাৰ, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰৰ এহেজাৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব ৷
পুৰুষ আৰু মহিলা দুয়োটা শাখাতে অনুস্থিত হ'বলগীয়া মাৰাথন দৌৰ প্ৰতিযোগিতাৰ প্ৰথম স্থান দখল কৰাক ৫০ হাজাৰ টকা, দ্বিতীয় স্থান দখল কৰাক ২৫ হাজাৰ টকা, তৃতীয় স্থান দখল কৰাক ১৫ হাজাৰ টকাসহ ট্ৰফী প্ৰদান কৰা হ'ব ৷ তদুপৰি প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানৰ পাছত ১০টা স্থান দখল কৰাক ১০ হাজাৰকৈ টকা আগবঢ়োৱা হ'ব ৷
উল্লেখযোগ্য যে এখন সুন্দৰ যুৱ সমাজ আৰু ভয়াৱহ ড্ৰাগছ মুক্ত বড়োলেণ্ড গঠনৰ বাবে সজাগতা সৃষ্টি কৰাটোৱেই মাৰাথন দৌৰৰ মুখ্য উদ্দেশ্য বুলিও সংবাদমেলত কয় ইউ পি পি এলৰ যুৱ গোটৰ সাধাৰণ সম্পাদক ড° ছাংগ্ৰাং ব্ৰহ্মই ৷
উৎস: প্ৰাগ নিউজ ডিজিটেল