কোকৰাঝাৰত পাথৰঘাট কালী মন্দিৰত ভয়ংকৰ চুৰিকাণ্ড; লুটি নিলে ৩ লাখ টকাৰ সামগ্ৰী

Rashmi October 27, 2025

ডিজিটেল ডেস্কঃ   কোকৰাঝাৰ চহৰৰ পাথৰঘাট কালী মন্দিৰত বৃহৎ চুৰিৰ ঘটনা সংঘটিত হৈছে ।

দেওবাৰে মাজনিশা মন্দিৰটোত প্রৱেশ কৰি চোৰে লুটি নিলে প্রায় তিনি  লাখ টকাৰ মূল্যৱান সামগ্রী ।

সুৰক্ষাবিহীন পৰিৱেশৰ সুযোগ লৈ চোৰে কালী মূৰ্তিত উৎসৰ্গিত সোণ, ৰূপ, পিতলসহ আন মূল্যৱান সামগ্রী লুটি লৈ যায় ।

ঘটনা সন্দৰ্ভত কোকৰাঝাৰ থানাত মন্দিৰ সমিতিৰ পৰা এজাহাৰ দাখিল কৰে ।

এজাহাৰ পোৱাৰ পাছতেই ঘটনাস্থলীত কোকৰাঝাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰি তদন্ত প্রক্রিয়া আৰম্ভ কৰিছে ।

তদন্তৰ জৰিয়তে চুৰি কাৰ্যৰ লগত জড়িত চোৰৰ দলটোক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্রদান কৰাৰ দাবী স্থানীয় ৰাইজ আৰু মন্দিৰ সমিতিৰ ।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This