ডিজিটেল ডেস্ক : কমতাপুৰ ৰাজ্য দাবী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মর্মে ভাৰতৰ চাৰিখন ৰাজ্য বিহাৰ, পশ্চিম বংগ, ঝাৰখণ্ড আৰু অসমৰ কমতাপুৰ ৰাজ্য দাবী পৰিষদৰ উদ্যোগত ভাৰতৰ বিভিন্ন অঞ্চলত কালি পৃথকে কমতাপুৰ ৰাজ ৰাজ্য পুনৰ গঠনৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি ৰাষ্ট্ৰপতি, প্রধানমন্ত্রী আৰু কেন্দ্ৰীয় গৃহ মন্ত্রীলৈ পৃথকে পৃথকে স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয়। তামুলপুৰতো কালি তামুলপুৰৰ মটঙাপাৰত কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ উদ্যোগত কেইবা সহস্রাধিক জনগণে গণ বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰে।
বিক্ষোভ কার্যসূচীত অংশগ্রহণকাৰীসকলে আমাক জনজাতিকৰণ কৰক, এছ টি আমাক লাগিবই, কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰক, কে এল অ' জিন্দাবাদ, কমতাপুৰ (ৰাজবংশী) ভাষাৰ সাংবিধানিক স্বীকৃতি দিয়ক আদি শ্ল'গানৰে তামুলপুৰৰ আকাশ-বতাহ কঁপাই তোলে। বিক্ষোভকাৰীসকলে প্রতিবাদস্থলীৰ পৰাই কে এল অ' আৰু কে এল অ' (কে এন)ৰ লগত দ্রুত শান্তি চুক্তিৰ মাধ্যমত কমতাপুৰ গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য পুনৰ গঠন, কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, কমতাপুৰ (ৰাজবংশী) ভাষাৰ সাংবিধানিক স্বীকৃতি আৰু জনজাতিকৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। ইয়াৰ পাছতে প্রতিবাদকাৰীসকলে মটঙাপাৰৰ প্রতিবাদস্থলীৰ পৰা সমদল কৰি তামুলপুৰ উন্নয়ন খণ্ড কার্যালয়লৈ আহি খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে ৰাষ্ট্ৰপতি, প্রধানমন্ত্রী আৰু ভাৰতৰ গৃহ মন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।
বিক্ষোভ কাৰ্যসূচীত কে এছ ডি চিৰ কেন্দ্রীয় সমিতিৰ সহকাৰী সাংস্কৃতিক সম্পাদক শান্ত অধিকাৰী, কেএছ ডি চিৰ তামুলপুৰ জিলাৰ সাধাৰণ সম্পাদক কার্তিক বৰ্মন, সহকাৰী সম্পাদক নিত্যানন্দ বর্মন, বিত্তীয় সম্পাদক হলিৰাম ৰাজবংশী, তামুলপুৰ ব্লক সমিতিৰ সভাপতি ধীৰেন ৰায়, সম্পাদক সহদেৱ ৰাজবংশী, তামুলপুৰ জিলাৰ সাধাৰণ সম্পাদক তৰণী বৰ্মন, কুমাৰীকাটা আঞ্চলিকৰ সাংগঠনিক সম্পাদিকা প্রণামিকা চৌধুৰী আৰু কুমাৰীকাটা আঞ্চলিকৰ উপ-সভানেত্রী নর্পণা উপস্থিত থাকে। ইফালে তামুলপুৰ জিলাৰ নাগ্ৰীজুলিতো নাগ্রীজুলি ব্লক কে এছ ডি চিৰ উদ্যোগত প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ৰাষ্ট্ৰপতি, প্রধানমন্ত্রী আৰু গৃহ মন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয়।