ডিজিটেল ডেস্ক: উত্তৰ-পূব ভাৰতৰ প্ৰথমটো উপগ্ৰহ লাচিত-১ আজি পুৱাৰ ভাগত হায়দৰাবাদস্থিত ধ্ৰুৱ স্পেচত উৎক্ষেপণ কৰা হয়। গুৱাহাটীৰ অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বাধীন এই উপগ্ৰহ অভিযানে সমগ্ৰ উত্তৰ-পূবৰ প্ৰতিভাক একত্ৰিত কৰি দুৰ্যোগৰ সঁহাৰি আৰু আঞ্চলিক সামৰ্থ্য বিকাশৰ বাবে কৰা এই প্ৰচেষ্টাৰ ঐতিহাসিক ক্ষণ অনলাইন মাধ্যমেৰে সোণাপুৰৰ ডন বস্ক'ৰ কেম্পাছত প্ৰদৰ্শন কৰা হয়।
অসম ডন বস্ক' বিশ্ববিদ্যালয়ে ৰাজ্য আৰু উত্তৰ-পূবৰ প্ৰথমটো উপগ্ৰহ লাচিত-১ক ইছৰোৰ PSLV-C62 বিমানত উৎক্ষেপণ কৰিবলৈ সাজু হোৱাৰ সময়ত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকল উৎসাহিত হৈ পৰে।
লাচিত-১ মিছনৰ দলটোৱে অসম, মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৫০জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকক একত্ৰিত কৰি অসমৰ বীৰ লাচিত বৰফুকনৰ নামেৰে নামকৰণ কৰা এই উপগ্ৰহটোৱে ইতিহাসত গভীৰভাৱে শিপাই থকা এটা ব্যক্তিত্বৰ পৰা নিজৰ পৰিচয় আহৰণ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাবন মহাকাশ কেন্দ্ৰৰ পৰা পি এছ এল ভি চি ছিক্সটি টু ৰকেটৰ সহায়ত আজি উৎক্ষেপন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্রিম উপগ্রহ ‘লাচিত-১’কে ধৰি ১৫টা উপগ্ৰহৰ উৎক্ষেপনৰ তৃতীয় পর্যায়ত বিজুতি সংঘটিত হয়।
অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰৰ দলে সাজু কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্রিম উপগ্রহ ‘লাচিত-১‘ আজি দিনৰ ১০ বাজি ১৭ মিনিটত উৎক্ষেপন কৰা হৈছিল। ইয়াৰ লগতে দেশী-বিদেশী ১৫টা কৃত্রিম উপগ্রহ আছিল।
উৎক্ষেপনৰ তৃতীয় পর্যায়ত নিয়ন্ত্রণ কক্ষৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ ফলত উপগ্রহকেইটা কক্ষচ্যুত হয় বুলি ভাৰতীয় মহাকাশ গবেষণা সংস্থাৰ সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ কাৰণ সন্দৰ্ভত তদন্ত কৰি থকা হৈছে।
উৎস: প্ৰাগ নিউজ ডিজিটেল