চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী

dainik janambhumi November 01, 2025

ডিজিটেল ডেস্ক : 'মন্ত্ৰী, এম এল এবোৰ ভোটৰ সময়ত ঠিকেই আহে, আচল কামবোৰতো নকৰে। আপোনালোকে বিমল বৰাক ধৰক, কালচাৰেল মিনিষ্টাৰ নামটোহে, কালচাৰেল কিবা কৰে জানো? মোক এবিঘা মাটি দিয়ক, মাজুলীত মই চিনেমা হল বনাই দিম। গভর্ণমেন্টে বনাব নোৱাৰিলেও মই বনাই দিম, একো ডাঙৰ কথা নহয়।' চলিত বৰ্ষৰ ৫ মে'ত মাজুলীৰ নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা বহাগী উৎসৱৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশনৰ মাজতে সেই সময়ৰ 'ভাইমনদা' শীর্ষক চলচ্চিত্ৰৰ প্ৰচাৰমূলক এক আছুতীয়া চমু অনুষ্ঠানত এইদৰে মন্তব্য কৰিছিল প্ৰাণৰ শিল্পী জুবিন গার্গে। 

শিল্পী গৰাকীয়ে মাজুলীত এটা চিনেমা হল নিৰ্মাণৰ পৰিকল্পনা গ্রহণ কৰাৰ পাছতে মাজুলীৰ বিভিন্নজনে নিজৰ মাটি চিনেমা হল বনাবলৈ দান দিবলৈয়ো আগবাঢ়িছিল। কিন্তু সেই সপোন পূৰ হোৱাৰ আগেয়েই অনাকাংক্ষিতভাৱে শিল্পী গৰাকীয়ে আমাৰ মাজৰ পৰা চিৰ বিদায় মাগিলে। ইফালে কালি শিল্পী গৰাকীৰ ইচ্ছা অনুসৰি শিল্পী গৰাকীৰ বহু হেঁপাহৰ অন্তিমখন চিনেমা 'ৰৈ ৰৈ বিনালে' মুক্তি লাভকৰাৰ দিনাই ৰাজ্যবাসীয়ে শিল্পী গৰাকীৰ অন্তিম খন চিনেমা চাবলৈ চিনেমা হলত পুৱতি নিশাৰ পৰা ভিৰ কৰিছে যদিও মাজুলীবাসীয়ে এটা চিনেমা হলৰ অভাৱত কালি প্ৰাণৰ শিল্পী গৰাকীৰ বহু প্রতীক্ষিত চিনেমা খন চোৱাৰ পৰা বঞ্চিত হ'ব লগীয়া হয়। 

ইফালে এই সন্দর্ভত আজি মাজুলীবাসীয়ে এটা চিনেমা হলৰ অভাৱ অনুভৱ কৰি মাজুলীৰ লগতে অসমৰ কোনো উদ্যোগী লোকক মাজুলীত চিনেমা হল খুলিবলৈ আগবাঢ়ি আহিবলৈ মুকলি আহ্বান জনাইছে। ইফালে মাজুলীৰ স্থানীয় বহুকেইগৰাকী যুৱ ব্যৱসায়ীয়েও কালি নিজেও এটা চিনেমা হলৰ অভাৱ অনুভৱ কৰি নিজাববীয়াকৈ সৰু হলেও এটা চিনেমা হল স্থাপন কৰাৰ ইচ্ছাৰ কথা কালি প্রকাশ কৰে।

Share This