ডিজিটেল ডেস্কঃ এজন ছাত্ৰ সন্ধানহীন। ছাত্ৰজন হেৰুৱাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। চাবুৱা চামনি নতুন গাঁৱৰ ৰূপাংকৰ শইকীয়া নামৰ ছাত্ৰগৰাকী সন্ধানহীন হৈ থকা ঘটনাই পৰিয়ালৰ লগতে অঞ্চলবাসীক গভীৰ চিন্তাত পেলাইছে।
ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত চামনি নতুন গাঁৱত ঘৰ ছাত্ৰগৰাকীৰ । যোৱা ১৩ মে'ত লাহোৱাল কলেজলৈ ঘৰৰ পৰা ওলাই গৈছিল ৰূপাংকৰ শইকীয়া। তাৰপাছৰে পৰা কোনো সন্ধান নাই ৰূপাংকৰৰ।
ৰূপাংকৰ শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল । পৰিয়ালৰ লোকে লাহোৱাল আৰক্ষী থানাত মেধাসম্পন্ন ছাত্ৰগৰাকী সন্ধানহীন হৈ থকাৰ ঘটনা এজাহাৰ দিয়াৰ পাছতো আৰক্ষীয়ে সন্ধান উলিয়াত ব্যৰ্থ হৈছে।
ৰূপাংকৰ শইকীয়াৰ সন্ধান পালে 8761892488 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালে।
উৎস: প্ৰাগ নিউজ ডিজিটেল