ধনু-কাঁড় লৈ লখিমপুৰ কঁপালে চাওঁতাল জনগোষ্ঠীয়ে

dainik janambhumi November 26, 2025

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰৰ অষ্ট্ৰিকমূলৰ চাওঁতাল জনগোষ্ঠীক ভাৰতীয় সংবিধানৰ ৩৪২নং অনুচ্ছেদ অনুসৰি শীঘ্রে জনজাতিকৰণ কৰা, চাওঁতাল জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, কলা-কৃষ্টিৰ সৰ্বাংগীণ বিকাশৰ বাবে চাওঁতাল উন্নয়ন পৰিষদ গঠন কৰা, চাওঁতাল জনগোষ্ঠীক চাহ জনজাতিৰ পৰিৱৰ্তে চাওঁতাল জনগোষ্ঠী হিচাপেই জাতিগত প্রমাণ-পত্র প্রদান কৰাৰ দাবীত কালি লখিমপুৰত উত্তাল প্রতিবাদ সাব্যস্ত কৰে সদৌ অসম চাওঁতাল ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে। 

 

হাতত ধনু-কাঁড় লৈ জনজাতিকৰণৰ দাবীত কেইবা শতাধিক ছাত্র-কর্মী, নেতা তথা ৰাইজে লখিমপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 'চাওঁতাল জনগোষ্ঠীক শীঘ্রে জনজাতিকৰণ কৰক', 'ন' এছ টিন' ৰেষ্ট' আদি ধ্বনিৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। ছাত্র সংগঠনটোৱে স্মাৰক-পত্ৰত উল্লেখ কৰা মতে, ভাৰতবৰ্ষৰ ইতিহাস প্ৰব্ৰজনৰ ইতিহাস আৰু এই পবিত্ৰ ভাৰতভূমিত বিভিন্ন সময়ত, বিভিন্ন কাৰণত প্ৰব্ৰজন ঘটিল এই জনগোষ্ঠীৰ। এই পবিত্ৰ ভাৰতভূমিৰ চাওঁতালসকল অতি প্রাচীন অস্ট্রো-এছিয়াটিক গোষ্ঠীৰ। অতীজৰে পৰা এই জনগোষ্ঠীটোৱে কৃষিকার্যৰ লগতে প্রকৃতিৰ সৈতে সহাৱস্থান কৰিও একবিংশ শতিকাৰ ভাৰতবৰ্ষৰ মূল সুঁতিৰ পৰা বহু পিছ পৰি স্বাধীনোত্তৰ ভাৰতে ৭৮ বছৰ গৰকাৰ পাছতো জনগোষ্ঠীটোৱে পোহৰৰ বাট দেখা নাই। স্বাধীন ভাৰতৰ পবিত্র সংবিধানৰ প্ৰস্তাৱনাত নাগৰিকে সমতা স্থাপনেৰে সংবিধান গৃহীত কৰা ৭৫ বছৰৰ পাছতো জনগোষ্ঠীটোৱে সমতাৰ যুঁজ কৰিব লগা হৈছে। আজিও মৌলিক অধিকাৰৰ পৰা লাঞ্ছিত, ন্যূনতম সুবিধাৰ পৰা বঞ্চিত। ভাৰতবৰ্ষৰ মূল বাসিন্দা হৈও আজি ভাৰতৰ সংবিধান-প্রদত্ত অধিকাৰৰ পৰা বঞ্চিত। চৰকাৰে অসমত বসবাস কৰা চাওঁতাল জনগোষ্ঠীৰ ভাষা আৰু কলা-কৃষ্টিৰ সুৰক্ষা, ভূমি অধিকাৰ, উচ্চশিক্ষাৰ আসন সংৰক্ষণ, উচ্চশিক্ষাৰ ব্যবস্থা, শিক্ষিত নিবনুৱা সংস্থাপন- এই গুৰুত্বপূৰ্ণ বিষয়বোৰক সদায়েই অৱহেলা কৰি আহিছে। চাওঁতাল ছাত্ৰ সন্থাৰ অভিযোগ- ভাৰতবৰ্ষৰ অষ্ট্ৰিকমূলৰ চাওঁতাল জনগোষ্ঠীৰ আত্মপৰিচয়, ভাষা, সংস্কৃতি, কলা-কৃষ্টি, মাটি-ভেটি আজি সংকটত। 

 

সমতাৰ যুঁজত জনগোষ্ঠীটোৱে সদৌ চাওঁতাল ছাত্র সন্থাৰ নেতৃত্বত অসম চৰকাৰক বিভিন্ন সময়ত জনগোষ্ঠীৰ সমস্যাসমূহ সমাধানৰ দাবী জনাই আহিছে যদিও চৰকাৰে জনগোষ্ঠীটোৰ সমস্যা সমাধানত কোনো সদিচ্ছা আজিলৈ প্ৰকাশ কৰা দেখা নগ'ল। ছাত্ৰ সন্থাৰ সভাপতি ৰাতুল বাস্কে, সম্পাদক বিৰচা হাসদাই চৰকাৰে শীঘ্ৰে চাওঁতালী ভাষাৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰা, জনগোষ্ঠীটোৰ বাবে সুকীয়াকৈ উচ্চ শিক্ষা, সংস্থাপনৰ ক্ষেত্ৰত বিশেষ আসন সংৰক্ষণৰ ব্যবস্থা কৰা আদি ১১ দফীয়া দাবী কাৰ্যকৰীকৰণৰ দাবী তোলে।

Share This