ডিজিটেল ডেস্কঃ লখিমপুৰ জিলাৰ সোৱণশিৰি ঠেকেৰাগুৰিৰ নিকটৱৰ্তী সোৱণশিৰি নদীৰ পাৰৰ কৰকনি আঁহতগুৰিত তৈল খেজুৰ (পাম অইল) খেতিয়ে অঞ্চলটোৰ ৰাইজৰ দৃষ্টি আকর্ষণ কৰিছে। উল্লেখযোগ্য যে অঞ্চলটোৰ তিনিজন উদ্যমী যুৱকে তিনি বছৰৰ পূর্বে প্রায় ২০ হেক্টৰ মাটি অৰ্থাৎ ডেৰশ বিঘা মাটিত এই তৈল খেজুৰৰ গছ ৰোপণ কৰি এক স্থায়ী সংস্থাপনৰ পদক্ষেপ লয়।
এক বহল পৰিসৰত কৰা এই খেতিৰ সন্দৰ্ভত খেতিয়ক কুমুদ হাজৰিকাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, চি এম অইল কোম্পানী আৰু লখিমপুৰ কৃষি বিভাগৰ পৰা লাভ কৰা পৰামৰ্শ অনুসৰি এই পাম অইলৰ খেতিত তেওঁলোকে মনোনিৱেশ কৰে। সেই অনুসৰি লখিমপুৰ কৃষি বিভাগে যোগান ধৰা তৈল খেজুৰৰ পুলি কৃষককেইজনে ৰোপণ কৰে আৰু বৰ্তমান ঠন ধৰি উঠা শাৰী শাৰী গছসমূহে কৃষককেইজনে মনত আশাৰ সঞ্চাৰ কৰিছে, লগতে শাৰী শাৰী তৈল খেজুৰৰ গছসমূহে অঞ্চলটোত এক দৃষ্টিনন্দন পৰিৱেশৰ সূচনা কৰিছে।
কৃষকজনে জানিবলৈ দিয়া মতে পুলি ৰোপণ কৰাৰ চাৰি বছৰৰ পৰা তেওঁলোকে উপাৰ্জনৰ মুখ দেখিবলৈ সক্ষম হ'ব। এইক্ষেত্ৰত লখিমপুৰ কৃষি বিভাগৰ বিষয়া প্ৰাঞ্জল মৰাং আৰু জিলা কৃষি বিষয়াগৰাকীৰ তৎপৰতা তথা পৰামৰ্শৰ ভিত্তিত কৃষককেইগৰাকীয়ে এই তৈল খেজুৰৰ খেতিৰ বাবে তেওঁলোক আকর্ষিত হৈছে। কৃষককেইগৰাকীয়ে তৈল খেজুৰৰ খেতিৰ সমান্তৰালকৈ খেজুৰ গছৰ মাজে মাজে মাটিমাহ, তিল, বিভিন্ন শাক-পাচলি, আলু আদিৰ খেতি কৰি বিগত বছৰকেইটাত উপাৰ্জনৰ মুখ দেখিবলৈ সক্ষম হৈছে। খেতিয়কগৰাকীয়ে জানিবলৈ দিয়া মতে, তেওঁলোকে উৎপাদন কৰা এই তৈল খেজুৰ চৰকাৰীভাৱে ক্ৰয় কৰাৰ ব্যৱস্থা থাকিব আৰু অইল কোম্পানীয়েও ক্ৰয় কৰিব। তৈল খেজুৰৰ খেতি কৰা কৃষককেইজনে এই খেতি কৰাৰ পূৰ্বে গুৱাহাটীৰ ৰেডিছন ব্লুত প্রশিক্ষণ গ্রহণ কৰিছিল।