লংকাত জঘন্য ঘটনা,  শাৰীৰিক নিৰ্যাতন কৰি পিতৃক জীৱন্তে জ্বলাই দিয়ে পাষাণ পুত্ৰই

Rashmi April 16, 2025

ডিজিটেল ডেস্ক : হোজাইৰ লংকাৰ কাকীত সংঘটিত হৈছে এক নৃশংস ঘটনা। পুত্ৰই জীৱন্তে জ্বলাই দিলে পিতৃক। ৰঙালী বিহুৰ আনন্দৰ মাজতে ৰাজ্যত সংঘটিত হৈছে এই নৃশংস ঘটনাটো। পিতৃ ছাৰ্জন ছাম্পিয়াৰক ঘুচিয়াই ঘুচিয়াই নিৰ্যাতন পুত্ৰৰ। 

হত্যাকাৰী পুত্ৰৰ নাম বেলতলা মিলনপুৰৰ ৰাজকুমাৰ ছাম্পিয়াৰ বুলি জানিব পৰা গৈছে। ঘৰৰ ভিতৰতে প্ৰহাৰ কৰি পিতৃৰ গাত পাষাণ পুত্ৰই অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে । এই ঘটনাই এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে  অনুসৰি সামন্য কথাতে পিতা- পুত্ৰৰ মাজত কাজিয়াৰ সৃষ্টি হয়। তাৰ পিছতেই সুৰামত্ত অৱস্থাত থকা পুত্ৰই পিতৃৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলায় লগতে হাত- ভৰি ভাগি দিয়াৰ লগতে জন্মদাতা পিতৃক জীৱন্তে জ্বলাই দিয়ে পাষাণ পুত্ৰই। ইতিমধ্যে ঘটনাস্থলীত কাকী আৰক্ষী উপস্থিত হৈ আটক কৰিবলৈ সক্ষম হৈছে অভিযুক্ত পাষাণ পুত্ৰ ৰাজকুমাৰক। আনহাতে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক্ষিপ্ৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Share This