লংকেশ্বৰ মাটি পেলাই বন্ধ কৰিলে জান

dainik janambhumi April 10, 2025

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰৰ এক নম্বৰ ৱাৰ্ডৰ লংকেশ্বৰত প্ৰাকৃতিকভাবে অতীজৰে পৰা প্ৰৱাহিত হৈ থকা খানা নৈ সংযোগী ফুকনৰ জানটো একাংশ লোকে মাটি পেলাই দীর্ঘদিন ধৰি বন্ধ কৰি ৰখাত পানীসমূহ আবদ্ধ হৈ থকাত ভয়াৱহভাৱে প্ৰদূষিত হৈ পৰিছে।

আনকি সেই প্ৰদূষিত পানীৰ বাবে ডেংগু সদৃশ মহামাৰীকে ধৰি বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাৰো আশংকা প্রকাশ কৰা হৈছে। যাৰ বাবে এই সমস্যাটোৰ এটা চিৰস্থায়ী সমাধানৰ বাবে খানা নৈ সংযোগী ফুকনৰ জানটো মুকলি কৰাৰ তাৎক্ষণিক ব্যৱস্থা গ্রহণ কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে কিছুদিন পূর্বে এক নম্বৰ ৱাৰ্ডৰ পাৰিষদ হুকুম চান্দ আলী বক্সীক সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। স্মাৰক-পত্ৰখনত উল্লেখ কৰা অনুসৰি এই জানটোৰ বাবে গাড়ীগাঁও, কৈলাসপুৰ, লংকেশ্বৰ আদিকে ধৰি এক বৃহৎ এলেকাৰ পানী কঢ়িয়াই আনি খানাজানত পেলাই অহাৰ ফলত এই বৃহৎ এলেকাটো কৃত্রিম বানৰ পৰা ৰক্ষা পাই আছিল। কিন্তু কোনো অজ্ঞাত ব্যক্তিয়ে মাটি পেলাই লংকেশ্বৰ অঞ্চলত এই স্বাভাৱিক পানীৰ সুঁতিটো বন্ধ কৰি দিয়ে। ফলত এই খৰাং দিনতে লংকেশ্বৰ অঞ্চলত বহু পৰিয়ালে কৃত্রিম বানৰ সন্মুখীন হৈছে। আগন্তুক বাবিষাৰ দিনত এই বৃহৎ অঞ্চলটো যে ভয়ানক কৃত্রিম বানৰ সন্মুখীন হোৱাৰ আশংকাত ৰাইজ শংকিত হৈ পৰিছে। যাৰ বাবে বিষয়টো অতি গুৰুত্বসহকাৰে লৈ অতি সোনকালে এই জানটো মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ পাৰিষদগৰাকীক ৰাইজে আহ্বান জনাইছে।

Share This