ডিজিটেল ডেস্ক : জোনাই আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে তীব্র অভিযান চলাই থকাৰ সময়তে সন্দেহযুক্ত ড্রাগছ কঢ়িয়াই নিয়া এখন বাহনে আৰক্ষীৰ হাতৰ পৰা পলাই যাবলৈ চেষ্টা কৰাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয়। জানিব পৰামতে, গোপন সূত্ৰৰ ভিত্তিত জোনাই আৰক্ষীৰ এটা বিশেষ সঁজাতী দলে এ এছ-৬ এফ-৫৭৭৬ নম্বৰৰ এখন সন্দেহযুক্ত বাহনক জোনাই ৰাজাখানাস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাবলৈ সংকেত দিয়ে।
কিন্তু আৰক্ষীৰ উপস্থিতি লক্ষ্য কৰিয়েই চালকজনে বাহনখন তীব্র বেগেৰে আগবঢ়াই আৰক্ষীৰ দলটোৰ পৰা পলাই যাবলৈ চেষ্টা কৰে। কিন্তু বাহনখন কিছু দূৰ অতিক্ৰম কৰাৰ পিছতেই চন্দ্ৰপুৰস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে আৰু দুৰ্ঘটনাত পতিত হয়। এই দুর্ঘটনাত জোনাইৰ ৰতকে গাঁৱৰ গিৰিশ বৰি (৩৫) আৰু অক্ষয় বৰি (৩৮) নামৰ দুজন ব্যক্তি গুৰুতৰভাৱে আহত হয়।
স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত আহত দুয়োজনক ঘটনাস্থলীৰ পৰা ততাতৈয়াকৈ উদ্ধাৰ কৰি জোনাই সমজিলা অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয়। কিন্তু দুয়োগৰাকীৰ শাৰীৰিক অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। ইফালে, দুৰ্ঘটনাৰ পিছতে আৰক্ষীয়ে বাহনখনত তালাচী চলাই বুজন পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছ উদ্ধাৰ কৰে। অৱশ্যে উদ্ধাৰ কৰা ড্ৰাগছৰ সঠিক পৰিমাণ আৰু মূল্য সম্পৰ্কে আৰক্ষীয়ে এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই।