ডিজিটেল ডেস্ক: ৰাজ্যজুৰি প্রায় ৩.৬২ লাখ হেক্টৰ বনভূমি অবৈধ দখলত থকাৰ সময়তে আন্তঃগাঁথনিৰ সৈতে জড়িত তিনিটা কেন্দ্রীয় প্রকল্পৰ নামত ৰাজ্যৰ বৃহৎ পৰিমাণৰ বনভূমি উছন যোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে। ইতিমধ্যে ৰাজ্য চৰকাৰে ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত গুৱাহাটী ৰিং ৰ'ড প্ৰকল্পৰ বাবে আমচাং অভয়াৰণ্যৰ ৭.১২ হেক্টৰ বনভূমি, গহপুৰ নুমলীগড় সুৰংগ প্ৰকল্পৰ বাবে ২৩.৭৭ হেক্টৰ আৰু ৰে'ল প্ৰকল্পৰ নামত দিপৰ বিলৰ সমীপত বৃহৎসংখ্যক গছ কটাৰ বাবে অনুমোদন দিছে।
ইতিমধ্যে দিপৰ বিলৰ পাৰত এলিভেটেড ৰে'ল কৰিডৰ নির্মাণৰ বাবে গছ কটা কাম আৰম্ভ হৈছে। এই প্ৰকল্পৰ বাবে ২০০ জোপা বৃহৎ বৃক্ষকে ধৰি প্ৰায় পাঁচ শ গছ কটা হ'ব। আনহাতে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ গহপুৰ আৰু দক্ষিণ পাৰৰ নুমলীগড়ৰ মাজত সংযোগ স্থাপন কৰিব লগীয়া ৪ লেনযুক্ত সুৰংগ পথ নিমাৰ্ণৰ নামত ২৩.৭৭হেক্টৰ বনভূমি নিঃশেষ হ'ব। সকলোতকৈ ডাঙৰ কথা এয়ে যে এই প্ৰকল্পৰ ফলত কাজিৰঙা ব্যাঘ্র প্রকল্পৰ পৰিৱেশ সংবেদনশীল অঞ্চলৰ ৬১.৫০ হেক্টৰ অ-বন্যভূমিৰো ক্ষতি হ'ব। ইতিমধ্যে ৰাষ্ট্ৰীয় বন্যপ্রাণী ব'র্ডে চর্ত সাপেক্ষে প্রকল্পটোৰ বাবে বনভূমি ব্যৱহাৰত অনুমোদন জনাইছে। একেদৰে গুৱাহাটীৰ 'ৰিং ৰ'ড' প্রকল্পইয়ো আমচাং অভয়াৰণ্যলৈ ভাবুকি কঢ়িয়াই আনিছে। বাইহাটা চাৰিআলি, চন্দ্ৰপুৰ আৰু সোণাপুৰক সংযোগ কৰি নিৰ্মাণ কৰিব লগীয়া এই ৰিং ৰ'ডৰ এটা অংশ আমচাং বন্যপ্রাণী অভয়াৰণ্যৰ সৈতে জড়িত অত্যন্ত সংবেদনশীল পৰিৱেশ তন্ত্ৰৰ মাজেৰে পোনপটীয়াকৈ পাৰ হৈ যাব। বিশেষকৈ গুৱাহাটীৰ অন্যতম দুটা প্রাণকেন্দ্ৰ খামৰেংগা বিল আৰু বৰবিলা বিলৰ অস্তিত্ব এই প্রকল্পই বিপন্ন কৰি তুলিব বুলি আশংকা কৰা হৈছে।
তথ্য অনুসৰি, ৰিং ৰ'ড প্ৰকল্পৰ বাবে আমচাঙৰ ভিতৰৰ মুঠ ৭.১২ হেক্টৰ বনভূমি চিনাক্ত কৰা হৈছে। কেৱল আমচাং অভয়াৰণ্যৰ ভিতৰতে ২,২২৪ জোপা গছ কটা হ'ব। তদুপৰি বনাঞ্চলৰ বাহিৰত সোণাপুৰলৈকে প্রায় ২,০০০ জোপা গছ কটা হ'ব। ছয়লেনযুক্ত ঘাইপথ নিৰ্মাণৰ বাবে আমচাঙৰ পাহাৰসমূহ বৃহৎ পৰিসৰত কেইবাটাও স্থানত কটা হ'ব। এনে পৰিস্থিতিত ৰাজ্যৰ কেইবাজনো লোকে আমচাঙৰ গছ কটাৰ বিৰোধিতা কৰি উচ্চ ন্যায়ালয়টো আবেদন দাখিল কৰিছে। মন কৰিব লগীয়া কথা যে অসমত শেহতীয়াকৈ ব্যাপক মাত্রাত বনধ্বংস হৈছে। শেহতীয়াকৈ উপগ্রহ ভিত্তিত প্রকাশিত এক প্রতিবেদন অনুসৰি ২০০১ চনৰ পৰা ২০২০ চনৰ ভিতৰত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক বনধ্বংস হৈছে কার্বি আংলং জিলাত। জিলাখনে প্রায় ৯৭৪০০ হেক্টৰ বনভূমি হেৰুৱাইছে। যিটো হৈছে জিলাখনৰ মুঠ বনাঞ্চলৰ বাৰ শতাংশ। সর্বাধিক বনভূমি জিলাখনত হ্রাস পাইছে ২০১৩ চনৰ পাছত।
আনহাতে এই ক্ষেত্রত দ্বিতীয় স্থানত আছে ডিমা হাছাও জিলা। ২০০১ চনৰ পৰা জিলাখনত প্রায় ৬০,০০০ হেক্টৰ বনভূমি ধ্বংস হৈছে। ইফালে গ্ল'বেল ফৰেষ্ট বাচে দিয়া তথ্য অনুসৰি ২০০০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ৩ লাখ ২৪ হাজাৰ হেক্টৰ সেউজভূমি হেৰুৱাইছে অসমে। এই ক্ষেত্ৰত দেশৰ ভিতৰত প্রথম স্থানত আছে অসম। এনে পৰিস্থিতিত এতিয়া তিনিটা প্ৰকল্পৰ নামত পুনৰ বৃহৎ পৰিমাণৰ বনভূমি উছন যাবলৈ লোৱাক লৈ প্রতিক্ৰিয়াৰো সৃষ্টি হৈছে।