কাছাৰৰ অসম-মেঘালয় সীমান্তত বৃহৎ পৰিমাণৰ বাৰ্মিজ চিগাৰেট জব্দ; দুজন সৰবৰাহকাৰীক আটক

Rashmi December 19, 2025

ডিজিটেল ডেস্ক: কাছাৰৰ দিগৰখাল চেকপ'ষ্টত অসম-মেঘালয় সীমান্তত চোৰাচালান বিৰোধী অভিযানত নিৰাপত্তা বাহিনীয়ে এক ডাঙৰ সফলতা লাভ কৰিছে। গোপন সূত্ৰৰ আধাৰত শুকুৰবাৰে দিগৰখাল চেকপ'ষ্টত সন্দেহজনক MH 46 BM 4236 নম্বৰৰ এখন ট্ৰাক জব্দ কৰা হয়। 

ট্ৰাকখন তালাচী কৰি ভিতৰৰ পৰা ২৫০টা পেকেট বাৰ্মিজ চিগাৰেট উদ্ধাৰ কৰা হয়। প্ৰতিটো পেকেটত ২০০টাকৈ চিগাৰেট থাকি মুঠ উদ্ধাৰ হোৱা চিগাৰেটৰ সংখ্যা ৫০,০০০টা। উদ্ধাৰ হোৱা চিগাৰেটসহ ট্ৰাকখন বাজেয়াপ্ত কৰা হৈছে। 

এই ঘটনাত গোৱালপাৰাৰ বাসিন্দা মহম্মদ সাজিদ আহমদ আৰু ইদ্ৰিছ আলী নামৰ দুজন ব্যক্তিক আটক কৰা হৈছে। প্ৰাথমিক জেৰাত চোৰাচালান চক্ৰৰ সৈতে তেওঁলোকৰ যোগসূত্ৰ থকাৰ ইংগিত পোৱা গৈছে বুলি সূত্ৰই জানিবলৈ দিয়ে।

ঘটনাৰ পিছতে সংশ্লিষ্ট ধাৰাত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে। উদ্ধাৰ হোৱা চিগাৰেটসমূহ ক’ৰ পৰা অনা হৈছিল আৰু ক’লৈ নিয়াৰ পৰিকল্পনা আছিল, লগতে এই চক্ৰৰ সৈতে আন কোন কোন লোক জড়িত আছে- এই সকলো দিশ গভীৰভাৱে তদন্ত কৰা হৈছে বুলি তদন্তকাৰী বিষয়াই জানিবলৈ দিয়ে।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This