লিডুত চাঞ্চল্যকৰ অপহৰণ-কাণ্ড! ২৮ বছৰীয়া এগৰাকী মহিলাক অপহৰণ

Rashmi June 22, 2025

ডিজিটেল ডেস্কঃ এটাৰ পিছত এটা অপহৰণ-কাণ্ডই ৰাজ্য জোকাৰি যোৱাৰ সময়তেই পুনৰ মাৰ্ঘেৰিটাৰ লিডুত সংঘটিত হৈছে এক অপহৰণ কাণ্ড। এগৰাকী ২৮ বছৰীয়া বিবাহিত মহিলা মমতা গোৱালাক অপহৰন কৰে ৰমেশ কৰ্মকাৰ নামৰ এজন ব্যক্তিয়ে।

ব্যক্তিজনৰ ঘৰ ডিগবৈৰ বালিজানত বুলি জানিব পৰা গৈছে।লিডু আঞ্চলিক খণ্ড বন বিষয়া কাৰ্যলয়ত অস্থায়ীভাৱে কৰ্মৰত লোকজনে বহু দিন ধৰি মহিলাগৰাকীক মানসিকভাৱে শাৰাশাস্তি কৰি অহা বুলি অভিযোগ পোৱা গৈছে। 

ইফালে, পৰিয়ালৰ লোকে ৰমেশ কৰ্মকাৰক ফ'ন কৰিলে তেওঁ মহিলাগৰাকীক নিচাজাতীয় দ্ৰব্য খুৱাই অপহৰণ কৰি অনা বুলি স্বীকাৰ কৰিছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে লিডু আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে।

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This