আপোনাৰ আজিৰ দিনটো ৰাশিফল চাও আহক

Kakali Deka September 13, 2023

আপোনাৰ আজিৰ দিনটো ৰাশিফল চাও আহক

বুধবাৰ, ১৩ ছেপ্টেম্বৰ, চ্ছ ভাদ, ২৭ শফৰ৷ শ্ৰীশ্ৰীশংকৰাব্দ ৫৭৪, শকাব্দ ১৯৪৫, খ্ৰীষ্টাব্দ ২০২৩৷
মেষঃ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ৰ, জ্ঝ৷ শুভ ৰং ক’লা৷ শৰীৰৰ
প্ৰতি যত্ন ৰাখক৷ সামাজিক কামৰ মাজেদি সন্মান পাব৷ সৎ বন্ধু লাভ৷ কোনো সা-
সম্পত্তি লোৱাৰ পৰিকল্পনা সফল হোৱাৰ পথত৷ সন্তানক লৈ চিন্তিত বুজায়৷
বৃষঃ শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৬৷ শুভ ৰং মুগা৷ ভ্ৰমণ
হ’ব পাৰে৷ হিচাপতকৈ খৰচৰ মাত্ৰা বেছি৷ চিকিৎসক, প্ৰশাসক, ধৰ্মীয় পুৰো¸হিত আদি
বৃত্তিধাৰীৰ বাবে উন্নত দিন৷ পাৰিবাৰিক জীৱনত বুজাবুজি থাকিব৷
মিথুনঃ শুভ কাৰক গ্ৰহ বুধ, ৰবি৷শুভ সংখ্যা ৰ, প্ত৷ শুভ ৰং ৰঙা৷
বিদ্যাৰ্থীয়ে অলপ যত্ন কৰিলেই পাৰদৰ্শিতা দেখুৱাব পাৰিব৷ বুদ্ধিজীৱীৰ সুখ্যাতি৷ কলা-
সংস্কৃতি বজাই ৰখাত দৃঢ়তা প্ৰকাশ৷ দাম্পত্য জীৱন সুখৰেই৷ ব্যৱসায়ত উন্নতি৷
কৰ্কটঃ শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং বগা৷
শৰীৰ প্ৰায় ভালেই৷ আনৰ হিত সাধি ভাল পাব৷ আৰ্থিকত বেয়া নহয়৷ প্ৰবাসত থকা
সন্তানৰ পৰা সুখবৰ পাব৷ শত্ৰুৰ প্ৰভাৱ কমিব৷ ধৰ্মত মতি৷
সিংহঃ শুভ কাৰক গ্ৰহ ৰবি, মংগল৷ শুভ সংখ্যা ৰ, জ্ঝ৷ শুভ ৰং কফি৷ কামত
আগভাগ লৈ ভাল পাব৷ খৰচৰ মাত্ৰা বৃদ্ধি৷ আনহাতে, কাৰোবাৰ হাতত যাতে মূল্যৱান সম্পদ
যাব লগা নহয়, লক্ষ্য ৰাখক৷ আৰ্থিক সমস্যাই আমনি দিব৷
কন্যাঃ শুভ কাৰক গ্ৰহ বুধ, শনি৷ শুভ সংখ্যা প্ত, জ্জ৷ শুভ ৰং ৰঙা৷ মঙল শুভ
ভাবত নাই যদি ছালৰ অসুখ বা সংক্ৰামক ৰোগত ভুগিব পাৰে৷ কৰ্মক্ষেত্ৰত সকলোৰে পৰা
সহায়-সহযোগ পাব৷ শুভ সংযোগ লাভ৷
তুলাঃ  শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ সংখ্যা ৬, জ্জ৷ শুভ ৰং গেৰুৱা৷
আপোনাৰ ৰাশিৰ কেন্দ্ৰত চাৰিটা গ্ৰহ, শুভদায়ক বুধাদিত্য যোগ আৰু ষট্‌শূন্য যোগ আৰু
উভয়চৰী যোগ আৰু ধনৰ স্থানলৈ সকলো গ্ৰহৰ দৃষ্টি পৰাত আজিৰ দিনটো উল্লেখযোগ্য
হ’ব৷
বৃশ্চিকঃ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ৰ, জ্ঝ৷ শুভ ৰং নীলা৷
সকলোৰে লগত মিলিজুলি থাকি ভাল পাব৷ ধৰ্মীয় কৰ্মত ৰাপ বাঢ়িব৷ আৰ্থিকত ভালেই৷
চাকৰিজীৱীয়ে ঊধ্বৰ্তন পক্ষৰ লগত উন্নত সংযোগ লাভ কৰিব৷ প্ৰেম-প্ৰীতিত শুভ৷
ধনুঃ শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং সোণালী৷
স্বাস্থ্য প্ৰায় ভালেই৷ খৰচ-পাতিত খুব হিচাপী যদিও সেয়া হৈ নুঠিব৷ খনিজ বা কৃষিজাত
দ্ৰব্যৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি৷ আধ্যাত্মিক চিন্তা-চৰ্চা কৰি ভাল পাব৷
মকৰঃ শুভ কাৰক গ্ৰহ মঙল, শনি৷ শুভ সংখ্যা জ্জ, জ্ঝ৷ শুভ ৰং বগা৷
আপোনাৰ আজি ৰাশিৰ কেন্দ্ৰত চাৰিটা গ্ৰহ, শুভদায়ক উভয়চৰী যোগ, ষট্‌শূন্য যোগ,
প্ৰাপ্য বা উপাৰ্জন স্থানত সকলো গ্ৰহৰ দৃষ্টি থকাত দিনটো ভাল ধৰণে আগুৱাই নিয়াত
সহায় হৈছে৷ বিদ্যা-বুদ্ধিত মনোযোগ বৃদ্ধি৷ প্ৰেমত গাম্ভীৰ্যতা৷
কুম্ভঃ শুভ কাৰক গ্ৰহ শনি, শুক্ৰ৷ শুভ সংখ্যা ৬, জ্জ৷ শুভ ৰং বেঙুনীয়া৷
কৰ্মত দক্ষতা আৰু সততা থাকিব৷ আপোনাৰ কৰ্মদক্ষতা দেখি মানুহে শ্ৰদ্ধা কৰিব৷
যিকোনো জটিল পৰিস্থিতি আপুনি বিচক্ষণ বুদ্ধিৰে আয়ত্ত কৰি ল’ব পাৰিব৷ প্ৰাপ্যাদিত
শুভ৷
মীনঃ শুভ কাৰক গ্ৰহ বৃহস্পতি, শুক্ৰ৷ শুভ সংখ্যা ৩, ৬৷ শুভ ৰং সোণালী৷
বিদ্যাৰ্থীৰ বহুমুখী প্ৰতিভা৷ শিক্ষক শ্ৰেণী, ধৰ্মীয় পুৰো¸হিত, প্ৰশাসক আদি বৃত্তিধাৰীৰ
বাবে শুভ৷ সংগ দোষৰ পৰা সতৰ্ক থকা ভাল৷ কোনো সুখবৰ পাব লগা আছে যদিও কোনো
অজ্ঞাত কাৰণত ঘৰৰ নঙলামুখৰ পৰা ঘূৰি যাব পাৰে৷

Share This