ডিজিটেল ডেস্কঃ : আকৌ ৰাজ্যৰ ৰাজকোষ টনকিয়াল কৰাৰ গধুৰ দায়িত্ব আহি পৰিল সুৰাপায়ীসকলৰ হাতত। ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে সুৰাৰ বিপণী, বাৰ্ আৰু ৰেস্তোৰাঁ খোলাৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।
এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত নিশা ১১ বজালৈকে খোলা থাকিব সুৰাৰ বিপণী। পূর্বতে ১০ বজালৈকেহে সুৰাৰ বিপণী খোলাৰ অনুমতি আছিল। ইফালে নিশা ১২-৩০ বজালৈকে বাৰ-ৰেস্তোৰাঁ খোলা ৰখাৰ সিদ্ধান্ত লৈছে আবকাৰী বিভাগে। কেৱল ইমানেই নহয়, থলুৱা সুৰাৰ বিপণীতো এতিয়াৰে পৰা উপলব্ধ হ'ব বিলাতী সুৰা। তাৰ লগতে গ্রামাঞ্চলৰ আই এম এফ এল অন শ্বপসমূহক অফ্ শ্বপলৈ পৰিৱৰ্তন কৰাৰ আৰু প্রিমিয়াম ব্ৰেণ্ডৰ সুৰাৰ মূল্যও কিছু হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে বিভাগটোৱে। আমোদজনক কথা এয়ে যে সুৰাপায়ীসকল কেৱল আবকাৰী বিভাগৰেই নহয় পৰিবহণ বিভাগৰো ৰাজহ বৃদ্ধি কৰাৰ মূল স্তম্ভ।