ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে লামডিঙত জংঘলী কালিবাৰী অঞ্চলৰ বাসিন্দাসকলে একেলগে ওলাই আহি মৃত বোৱাৰী গৰাকীৰ বিদেহ আত্মাৰ সদগতিৰ বাবে নীৰৱতা আৰু শ্ৰদ্ধাঞ্জলি পালন কৰাৰ লগতে উত্তাল প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে।
যোৱা মঙলবাৰে লামডিং জংঘলী কালিবাৰীত পকী কুঁৱাৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল প্ৰিয়ংকা দেবনাথ নামৰ এগৰাকী বোৱাৰী।
কাৰ্বি আংলং জিলাৰ প্ৰিয়ংকা দেৱনাথ নামৰ ন-বোৱাৰীগৰাকী লামডিঙৰ ৰকি দেৱনাথলৈ বিয়া হৈছিল। মৃত ন- বোৱাৰীগৰাকী কাৰ্বি আংলং জিলাৰ পৰা ১মাহৰ পূৰ্বে লমডিঙলৈ বিয়া হৈ আহিছিল।
যৌতুকৰ বাবে তথা স্বামীৰ পৰকীয়া প্ৰেমৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ পৰিয়ালবৰ্গৰ ৷ বিয়াৰ পিছৰ পৰাই ন-বোৱাৰীগৰাকীক স্বামী আৰু শহুৰৰ পৰিয়ালে যৌতুকৰ বাবে অকথ্য নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন হৈছিল।
আজি লামডিং জংঘলী কালীবাৰী অঞ্চলত দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবীত অঞ্চলজুৰি উত্তাল প্ৰতিবাদ কৰে ৰাইজে।
উৎস : প্ৰাগ নিউজ ডিজিটেল