ডিজিটেল ডেস্ক : জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বীৰ বক্তব্যই জ্বলাইছে অসম। জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বী মৌলানা মেহমুদ মাদানিৰ বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন। শনিবাৰে গুৱাহাটীৰ লগতে শিৱসাগৰৰ আমগুৰি, লখিমপুৰ, ধেমাজি আদিত জাতীয় দল-সংগঠনে তীব্র প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি মাদানিৰ প্রতিকৃতি দাহ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্টছ ছ'চাইটিয়েও বিশ্ববিদ্যালয়ৰ তোৰণৰ সন্মুখত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি মাদানিৰ পুত্তলিকা দাহ কৰে।
প্ৰতিবাদকাৰীসকলে বাংলাদেশী গ' বেক, মৌলানা মাদানি গ' বেক, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। আনহাতে, জমিয়ত উলেমা-ই-হিন্দক নিষিদ্ধ ঘোষণা কৰাৰ লগতে সংগঠনটোৰ নেতা মাদানিক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় প্রতিবাদকাৰীসকলে।
একেদৰে মহানগৰীৰ কাহিলিপাৰাতো টাই আহোম যুৱ পৰিষদে মাদানিৰ পুত্তলিকা দাহ কৰি এই প্রতিবাদ সাব্যস্ত কৰে। কাহিলিপাৰাৰ স্থানীয় ৰাইজেও এই প্রতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি 'অসমত মিঞাৰ দপদপনি চলিবলৈ দিয়া নহ'ব' বুলি হুংকাৰ দিয়ে।