নান্দনিক ৰূপত উজলিছে মাজুলী, শেষ নিশাৰ তিমিৰ ভেদি উৰিছে ভাটো, ৰাজহংস, শৰালি, ঘিলাহাঁহৰ জাক

dainik janambhumi December 03, 2025

ডিজিটেল ডেস্ক : সত্ৰভূমি মাজুলীৰ বিনন্দীয়া প্রাকৃতিক ৰূপে মাজুলীলৈ অতীজৰে পৰা পৰ্যটকক আকৰ্ষিত কৰি আহিছে। শৰতৰ আগমনৰ লগে লগে উন্মনা হৈ পৰা মাজুলীৰ বুকুত সৃষ্টি হয় অনুপম সৌন্দর্য। ক্ৰমে মাজুলীৰ চাৰিওফালে সৰিয়হৰ হালধীয়াই আৱৰি ধৰাৰ সময়তে এতিয়া মাজুলীৰ জলাশয়ত পৰিভ্ৰমী পক্ষীৰ নান্দনিক দৃশ্যই সুশোভিত কৰি তুলিছে মাজুলীক। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া দ্বীপ জিলাৰ এই স্বকীয় ৰূপ-লাৱণ্যত মুগ্ধ হৈ ভিৰ কৰেহি দেশী-বিদেশী পর্যটকে। 

ঋতু হেমন্তৰ হৈমন্তিক আৱৰণৰ সময়তেই মাজুলীলৈ আগমন ঘটে দেশী-বিদেশী অগণন পক্ষীৰ। মাজুলীৰ বিভিন্ন জলাশয়ত এতিয়া শীতৰ আমেজ লৈ পুৱা-গধূলি কেলি কৰে পৰিভ্ৰমী পক্ষীয়ে। সেই অনুসৰি অসমৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান চৰাইচোং, পূব মাজুলীৰ মাণ্ডৰমাৰি, উজনিৰ ভকতিবিল, দক্ষিণপাট বৰপাচি, বৰখোৱাবাৰী, গৰৈমাৰি, আউনীআটী অঞ্চলৰ বৰটানী, টুনীকে আদি কৰি উজনিৰ পৰা নামনিলৈকে বিভিন্ন পক্ষী বিচৰণৰ জলাশয়সমূহত আলহী পক্ষীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। মাজুলীত এতিয়া একপ্ৰকাৰে পক্ষীৰ কাকলিতেই প্রতিটো নিশা পুৱায় বুলি ক'লেও বঢ়াই কোৱা নহয়। এতিয়া পুৱাৰ পৰা জাক জাক চৰাই চাবলৈ হাতত কেমেৰা লৈ ব্যস্ত হোৱা দেখা গৈছে পৰ্যটকক। আঘোণৰ সোণগুটি চপোৱাৰ এই ভৰপক সময়ত আনন্দত বিভোৰ হৈ পৰা চৰাই-চিৰিকটিৰ সুমধুৰ গীতৰ ধ্বনিত ৰজনজনাই উঠিছে মাজুলীৰ পুৱা-গধূলি। এই সময়ছোৱাতে পকা ধানৰ সুবাসত শেষ নিশাৰ তিমিৰ ভেদি ভাটো, ৰাজহংস, শৰালি, ঘিলাহাঁহৰ জাকে সুমধুৰ গীত জুৰি আকাশ-বতাহ মুখৰ কৰি আকাশৰ বুকুৰে জাক পাতি উৰা দৃশ্যই প্রকৃতিপ্রেমীসকলক অনাবিল আনন্দ প্ৰদান কৰে। 

কিন্তু মাজুলীত পূৰ্বৰ তুলনাত যান-জঁটৰ সংখ্যা বৃদ্ধি পোৱাত একাংশ জলাশয়ত পূৰ্বৰ তুলনাত পক্ষীৰ আগমনৰ সংখ্যা হ্রাস পোৱা বুলি জানিব পৰা গৈছে। বিশেষকৈ পূব মাজুলীৰ ৰাৱনাপুখুৰী, শুকানসুতিকে ধৰি বহু জলাশয়লৈ পক্ষী নহা হোৱাৰ ইয়ো এক কাৰণ বুলি শেহতীয়াকৈ জানিব পৰা গৈছে। ইয়াৰ উপৰি এইখিনি সময়তে একাংশ দুষ্ট প্ৰকৃতিৰ লোকৰ অসৎ মনোভাৱৰ ফলত বিষাক্ত দ্রব্য দি মাজুলীৰ বিভিন্ন জলাশয়ত পক্ষী নিধন যজ্ঞ চলোৱাৰ কথা পূৰ্বতে শুনিবলৈ পোৱা গৈছিল। গতিকে মাজুলী জিলা বন বিভাগক এই ক্ষেত্রত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ প্ৰকৃতিপ্রেমী, ৰাইজে আহ্বান জনাইছে।

Share This