ডিজিটেল ডেস্ক : বিহু বুলিলেই গা সাতখন আঠখন কৰে প্ৰতিজন অসমীয়াৰ ।ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ব'হাগী উৎসৱ। ঢোল, পেঁপা, গগনাৰ মাতত মুখৰিত হৈ পৰিছে সমগ্র ৰাজ্য ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মাজুলীত ৰঙালীৰ পাৰ ভঙা উছাহ। এগৰাকী-দুগৰাকী নহয়, মাজুলীৰ ভকতিদুৱাৰ বিহুতলীত একেলগে ৫০০ নাচনীয়ে জুৰিলে বিহু ৷ কোনো বিশ্ব ৰেকৰ্ডৰ বাবে নহয়, প্ৰাণৰ বিহুটিক অন্তৰৰ পৰা এনেদৰেই আদৰিলে সত্ৰপীঠখনৰ পাঁচ শতাধিক নাচনীয়ে।
উল্লেখযোগ্য যে সত্ৰপীঠ মাজুলীৰ ভকতিদুৱাৰত আজিৰে পৰা দুদিনীয়াকৈ 'সৃষ্টি-এক সমন্বয় যাত্ৰা'ৰ উদ্যোগত আৰম্ভ হৈছে ব'হাগী উৎসৱ ৷ এই ব'হাগী উৎসৱতেই একেলগে কঁকাল ভাঙিলে পাঁচ শতাধিক নাচনীয়ে ৷
আজি পুৱা পৰিবেশ নিকাকৰণ, গছপুলি ৰোপণ, পতাকা উত্তোলনৰ পাছত মাজুলীৰ প্ৰতিখন গাঁৱৰ পৰা অহা ৫০০ নাচনীৰ নাচেৰে উদ্বোধন কৰা হয় এই ব'হাগী উৎসৱ । আজি সৰু বিহুৱতী, বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে কাইলৈ দিনত জেং বিহুৱতী প্ৰতিযোগিতা আৰু নিশা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নিতুল দাধৰাৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব ।