ডিজিটেল ডেস্ক : ৰাসোৎসৱলৈ মাজত মাথোঁ ৬টা দিনহে বাকী থকা অৱস্থাত মাজুলীৰ প্রতিটো ৰাস মঞ্চত নিশা দুপৰলৈকে আখৰা তুংগত উঠা পৰিলক্ষিত হৈছে। লক্ষ্মী পূৰ্ণিমাৰ পিছৰ পৰাই গোষ্ঠলীলা, নন্দালয় দৃশ্যৰ আখৰা চলাৰ সমান্তৰালভাৱে বৰ্তমান প্ৰতিটো ৰাস মঞ্চত মহাৰাসৰ দৃশ্যৰ আখৰা অব্যাহত আছে। সম্প্রতি ৰাসৰ কৎসালয়ৰ দৃশ্যৰো আখৰা আৰম্ভ হোৱাৰ লগতে দুই-এদিনতে সকলোবোৰ দৃশ্যৰে পূৰ্ণাংগ আখৰা ৰাসৰ মঞ্চসমূহত কৰাৰ পাছতেই ৰাসৰ আগদিনা বৰ আখৰাৰে আখৰাৰ অন্ত পৰিব। এই কৃষ্ণ ৰাসলীলাৰ লগত সত্রদ্বীপ মাজুলীৰ মানুহৰ এক সুকীয়া আধ্যাত্মিক সুখানুভূতি জড়িত হৈ আছে। শৰৎ অহাৰ লগে লগেই নদীদ্বীপ মাজুলীয়ে ন ৰূপত প্রাণ পাই উঠে। মাজুলীৰ শাৰদীয় মূল উৎসৱ আউনীআটী সত্ৰৰ পালনাম আৰু ৰাসোৎসৱক লৈ মাজুলীবাসী অধীৰ অপেক্ষাৰে ৰৈ থাকে। ভগবান শ্রীকৃষ্ণই মর্ত্যত কৰা কৰ্মৰাজিক ৰাসোৎসৱৰ জুৰিয়তে প্রতিফলিত কৰা হয়। তেওঁৰ ৰসপূর্ণ অর্থাৎ তাত্ত্বিক ৰসেৰে সমৃদ্ধ কথাবস্তুক ৰাসলীলাৰ মাধ্যমেৰে আত্মাৰ পৰা পৰমাত্মালৈ, দৈনন্দিন জীৱনৰ সুখানুভুতিক আধ্যায়িকতালৈ আৰু কাম প্রবৃত্তিসমূহক কলায়ক ৰূপ প্রদান কৰি ৰাসলীলাত অংকন কৰা হৈছে। সেই অনুসৰি উজনি মাজুলী সাংস্কৃতিক ঐক্য মঞ্চই কুঁহিয়াৰবাৰী গাঁৱত আগন্তুক ৪, ৫ আৰু ৬ নৱেম্বৰত তিনিদিনীয়া ব্যতিক্রমী কাৰ্যসূচীৰে স্থানীয় বাছকবনীয়া শিল্পীৰ সমাহাৰেৰে যুৰীয়া মঞ্চৰ ব্যৱস্থাৰে ৰাসলীলাৰ আয়োজন কৰিছে।
ইফালে গড়মূৰ খোনাচুক গাঁওস্থিত শ্রীশ্রী মাধৱদেৱ কৃষ্টি কেন্দ্রই এই বর্ষটো আগন্তুক ৪. ৫ আৰু ৬ নবেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ আয়োজন কৰিছে। ইয়াৰ উপৰি সম্মিলিত শিল্পী সমাজ মাজুলীয়েও এইবাৰ বিংশতিসংখ্যক বর্ষৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে ৰাসলীলাৰ আয়োজনেৰে আখৰা তুংগত কৰি তুলিছে। শিল্পী সমাজে আগন্তুক তিনিটা নিশাৰ কাৰ্যসূচীৰে আয়োজন কৰা ৰাসোৎসৱৰ প্ৰথমটো ৰজনী প্ৰাণৰ শিল্পী লুইতকণ্ঠ জুবিন গাৰ্গৰ নামত উছৰ্গা কৰাৰ লগতে দ্বিতীয় নিশা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত উছগা কৰিছে। ইয়াৰ লগতে ২০২৪ বর্ষত প্রবর্তন কৰা শিল্পী সমাজৰ শিল্প ভূষণ বঁটা এই বৰ্ষৰ বাবে বিশিষ্ট লোক-সংস্কৃতিৰ গৱেষক, মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষড' অনিল শইকীয়াক প্রদান কৰিব। ৪, ৫ আৰু ৬ নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাসলীলাৰ প্ৰথম নিশাৰ ৰাস লোক-সংস্কৃতিৰ গৱেষক, মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড. অনিল শইকীয়াই উদ্বোধন কৰাৰ লগতে দ্বিতীয় নিশাৰ ৰাস ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড' জিতেন হাজৰিকাই উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে। ইফালে ক্রমে ঐতিহাসিক মাজুলী মিলন সংঘ, নামনি মাজুলীৰ গোৱাল গাঁৱৰ তৰুণ নাট্য সংঘ, বালিচাপৰি মিলিত কৃষ্টি সংঘ, ভকতচাপৰি, খাৰজানপাৰ কৃষ্টি সংঘ, গড়মূৰ সত্ৰৰ বংশী গোপাল নাট্য মন্দিৰ, গড়মুৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘ, পুৰণিবাৰী লোহিতপৰীয়া আঞ্চলিক ৰাস মঞ্চ, চিতাদাৰচুক আঞ্চলিক ৰংগমঞ্চ, উত্তৰ কমলাবাৰী সত্ৰ, ভোগপুৰ সত্ৰ, আইদেউ সন্দিকৈ নাটঘৰ, চুমৈমাৰী মিচিং কৃষ্টি সংঘ, কমাৰগাঁও ৰূপালী যুৱক সংঘ, কমাৰগাঁও কৃষ্টি বিকাশ কেন্দ্র,
বিহিমপুৰ সত্ৰ, চামগুৰি সত্ৰ, নতুন চামগুৰি সত্ৰ, প্ৰাচীন চামগুৰি সত্ৰ, দক্ষিণপাট সত্ৰ, কঢ়াল গাঁও, শালমৰা, বনগাঁও ৰংঘৰ, গায়ন গাঁও, বাঘৰ গাঁও, ৰতনপুৰ কৃষ্টি সংঘ, মধ্য মাজুলীৰ মাধৱদেৱ সাংস্কৃতিক সমাজ, শেনচোৱা অঞ্চলিক ৰাসমঞ্চ, সোণাৰিআটী নৱজ্যোতি ৰংগমঞ্চ, প্রগতি ৰংগমঞ্চ, ফুলনি আঞ্চলিক ৰংগমঞ্চ, চিৰাম আঞ্চলিক ৰংগমঞ্চ, মুদৈবিল আঞ্চলিক কৃষ্টি সংঘ, ভকতিদুৱাৰ আঞ্চলিক জ্যোতি ৰংঘৰ, জেংৰাইমুখ ৰংগমঞ্চ, নতুন বজাৰ আঞ্চলিক ৰংগমঞ্চ আদি সত্ৰ আৰু অঞ্চলভিত্তিক ৰাস মিলাই ৬৫টাতকৈ অধিক স্থানত এইবাৰ ৰাসোৎসৱৰ আয়োজন কৰিছে। আজিৰ পৰা প্ৰায় ১০৪ বছৰৰ পূৰ্বে স্বাধীনতা সংগ্রামী সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে মুকলি মঞ্চ নিৰ্মাণ কৰি মহিলাই অভিনয় কৰিব পৰা ব্যৱস্থা কৰিছিল আৰু উক্ত আদর্শ আগত ৰাখি অর্ধ শতাধিক মঞ্চই ৰাস উদ্যাপন কৰে। ইফালে ইতিমধ্যে ব্যস্ততা বাঢ়িছে ৰাসৰ লগত জড়িত প্ৰতিগৰাকী শিল্পীৰ পৰা মুখা শিল্পীলৈ, আয়োজকৰ পৰা ৰাসমেলাৰ খুচুৰা ব্যৱসায়ীলৈ। ব্যস্ততাৰ শেষত অহা ৪, ৫ আৰু ৬ নৱেম্বৰত অনুষ্ঠিত হ'ব ৰাসোৎসৱ।
অৱশ্যে অধিকাংশ ৰংগমঞ্চত ৪ নৱেম্বৰৰ পৰাই এইবাৰ ৰাসলীলা অনুষ্ঠিত হ'ব যদিও ৰাস পূৰ্ণিমাৰ তিথি ৫ নৱেম্বৰৰ পৰাহে মিলাৰ পৰিপ্ৰেক্ষিতত আউনীআটী সত্ৰকে ধৰি অন্যান্য সত্ৰৰ ৰাস পূজা ৫ নৱেম্বৰতহে অনুষ্ঠিত হ'ব। এই লৈ ২৬শতাধিক শিল্পী কলা-কুশলীৰ লগতে পৰোক্ষ-প্রত্যক্ষভাৱে মাজুলীৰ ৰাইজ ব্যস্ত হ'ব ৰাসত। নতুন কমলাবাৰী সত্ৰয়ো দুদিনীয়া কাৰ্যসূচীৰে এইবাৰ ৰাসোৎসৱ উদ্যাপন কৰিব বুলি জানিব পৰা গৈছে। ঐতিহাসিক আউনীআটী সত্রই ৫ নৱেম্বৰত ৰাস পূজা অনুষ্ঠিত কৰাৰ পাছত ৬ নৱেম্বৰত গোষ্ঠলীলা আৰু মহাৰাস অনুষ্ঠিত, কৰিব। দক্ষিণপাট সত্রতো ৰাস পূজাৰে ৰাসোৎসৱ আৰম্ভ হোৱাৰ পাছত কৃষ্ণ জন্মৰ পৰা অৰিষ্টাসুৰ বধলৈকে সন্নিৱিষ্ট থকা মূল ৰাসৰ নাট প্রদর্শিত হ'ব। উত্তৰ কমলাবাৰী সত্রই শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপালৰ আধাৰত ৰাস উদযাপন কৰিব। তাৰ সমান্তৰালকৈ ১২-১৬ নৱেম্বৰলৈকে অনুষ্ঠিত হ'বলগীয়া আউনীআটী সত্ৰৰ ঐতিহাসিক পালনামক লৈ সত্ৰখনত ব্যাপক প্রস্তুতি অব্যাহত আছে। একপ্ৰকাৰে উদুলি-মুদুলি আনন্দ উৎসৱেৰে লোকাৰণ্য হৈ পৰিব মাজুলী। ইফালে এইবাৰ ৰাসৰ ৪ নৱেম্বৰৰ দিনটো মাজুলীত স্থানীয় বন্ধ ঘোষণা কৰাৰ সম্ভাৱনা আছে।