মাজুলী শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰত ৰাস উদযাপনৰ প্ৰস্তুতি

Rashmi October 17, 2025

ডিজিটেল ডেস্কঃ মাজুলী শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰত ৰাস উদযাপন প্ৰস্তুতি।  ৪ নৱেম্বৰৰ পৰা ৬ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব ৰাস। ৰাসৰ প্ৰথমদিনা কাৰ্যসূচীত পুৱাৰ ভাগত থাকিব শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু নিশা ভাগলৈ সুধাকণ্ঠ শতবৰ্ষৰ লগত সংগতি ৰাখি ১০০ গজি বন্তি প্ৰজ্বলন কাৰ্যসূচী।

তিনিদিনৰ কাৰ্যসূচীত থাকিব ভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ বাবে বিনামূলীয়া অন্ন ব্যৱস্থা।

আনহাতে মাজুলীত মিঞা মুছলমানৰ সংখ্যা বৃদ্ধি হৈছে বুলি কোৱা মুখ্যমন্ত্ৰীৰ মন্তব্যত সহমত প্ৰকাশ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ।

তেওঁ কয় যে কৰ্মসূত্ৰে ''মাজুলীলৈ বহু লোক আহিছে। আমি অৰ্থনৈতিকভাৱে বাধা দিব লাগিব।'' উঠি অহা প্ৰজন্ম কৰ্মৰ প্ৰতি আগ্ৰহী হ'ব লাগিব তেতিয়াহে এই লোকসকল ইয়াৰ পৰা আঁতৰি যাব বুলি মন্তব্য দিয়ে সত্ৰাধিকাৰগৰাকীয়ে।

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This