ডিজিটেল ডেস্ক: সোপাধৰাৰ সন্দেহত এজন লোকক কৰায়ত্ত কৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় বৰপেটা জিলাৰ বাঘমাৰাচৰত।
পুৱতি নিশা দুই বজাত গাঁওখনৰ এঘৰ মানুহৰ ঘৰৰ বাৰাণ্ডাত এগৰাকী অচিনাকি লোকক বহি থকা অৱস্থাত দেখি হুৱাদুৱা লাগে ঘৰখনত।
পিছত লোকজনক কৰায়ত্ত কৰি আৰক্ষীক খবৰ দিয়ে ৰাইজে। ঘটনাস্থলীত আলোপতি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে লোকজনক থানালৈ লৈ যায়।
ইপিনে সোপাধৰা কৰায়ত্ত কৰা বুলি খবৰ বিয়পি পৰাৰ লগে লগে শ শ লোকৰ সমাগম হয় গাঁওখনত। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উক্ত স্থানত ।
উল্লেখ্য যে, যোৱা কিছুদিন ধৰি বিভিন্ন প্ৰান্তত এনে সোপাধৰাৰ ঘটনাক লৈ ঠায়ে ঠায়ে আলোড়নৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
প্ৰাগ নিউজ ডিজিটেল