মুখ্যমন্ত্রীলৈ পত্র লিখি ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জঁপিয়ালে হতাশাগ্রস্ত পিতৃয়ে

dainik janambhumi May 23, 2025

ডিজিটেল ডেস্ক : ৰাজ্যৰ ৰাজধানী গুৱাহাটীত একেদিনাই দুজন লোকৰ মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে আত্মহত্যা কৰাৰ পূৰ্বে এজন ব্যক্তিয়ে মুখ্যমন্ত্রীলৈ ছুইচাইড নোট লিখি থৈ যোৱা কাৰ্যই অধিক চাঞ্চল্যৰ সৃষ্টি কৰিছে। লক্ষণীয় যে পুত্ৰৰ সংস্থাপনহীনতাত হতাশাগ্রস্ত হৈ পৰা পিতৃয়ে মুখ্যমন্ত্রীলৈ পত্র লিখি ব্রহ্মপুত্রত জাঁপ দি আত্মহত্যা কৰা ঘটনাই কালি গুৱাহাটী জোকাৰি যায়। মুখ্যমন্ত্ৰীক পুত্ৰৰ সংস্থাপন প্ৰদানৰ অনুৰোধ কৰি গোলোক ৰাজবংশী নামৰ লোকজনে বৃহস্পতিবাৰে যাত্রীবাহী ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিয়ে। 

উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাট অভিমুখে যোৱা এখন যাত্রীবাহী ফেৰীৰ পৰা কালি এজন যাত্রীয়ে ব্রহ্মপুত্রত জাঁপ দিয়াত চাঞ্চল্যৰ সৃষ্টি হয়। এম ভি ভাগিৰথী নামৰ ফেৰীখনত এই ঘটনা সংঘটিত হয়। ফেৰীত থকা লোকসকলে তেওঁক ৰক্ষা কৰাৰ বাবে চেষ্টা কৰিও ব্যর্থ হয়। পাছত লোকজনক গোলোক ৰাজবংশী বুলি চিনাক্ত কৰা হয়। লোকজন বহা স্থানত এখন চিঠি, এযোৰ চেণ্ডেল আৰু প্রায় ২৫০ টকা উদ্ধাৰ হয়। মুখ্যমন্ত্ৰীলৈ উদ্দেশ্য কৰি লিখা ছুইচাইড নোটত একমাত্র পুত্ৰৰ সংস্থাপন বিচাৰি অনুৰোধ কৰে। গোলোক ৰাজবংশী নামৰ লোকজনে পুত্ৰৰ সংস্থাপনহীনতাত হতাশাগ্রস্ত হোৱাৰ উপৰি তেওঁৰ অসুস্থতাৰ কথা ব্যক্ত কৰে পত্ৰখনত। উদ্ধাৰ হোৱা পত্ৰখনৰ পৰা তেওঁক নলবাৰী জিলাৰ দাহুদী গাঁৱৰ গোলোক ৰাজবংশী বুলি চিনাক্ত কৰিব পৰা গৈছিল। 

আনহাতে বৃহস্পতিবাৰে মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ নিজা ভাৰাঘৰৰ ভিতৰতে ৰহস্যজনক পৰিস্থিতিত আন এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। যুৱকজনে চিটি চেণ্টাৰত থকা পিভি আৰত কাম কৰিছিল বুলি জানিব পৰা গৈছে। যুৱকজনক গোৰেশ্বৰৰ বিহদিয়াৰ ঋতু পাটোৱাৰী বুলি চিনাক্ত কৰা হৈছে। এই বাতৰি প্ৰস্তুত কৰাৰ সময়লৈকে তেওঁৰ মৃত্যু সন্দৰ্ভত আৰক্ষীয়ে নিশ্চিত তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। দুয়োটা ঘটনাৰ তদন্ত আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে।

Share This